অসম

assam

Recruitment of Teacher: কাৰ্বি আংলঙত কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:02 PM IST

কাৰ্বি আংলঙত খালী থকা ৫০ টা পদত ৫০ গৰাকী কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি । কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত অনুষ্ঠিত এখনি সভাত মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে প্ৰদান কৰে নিযুক্তি পত্ৰ ।

Karbi Medium and Language Teacher Recruitment in Karbi Anglong
কাৰ্বি আংলঙত কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি

কাৰ্বি আংলঙত কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি

ডিফু,২ নৱেম্বৰ: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আজি দুয়োখন পার্বত্য জিলাৰ বাবে খালী থকা ৫০ টা পদত ৫০ গৰাকী কাৰ্বি মাধ্যম আৰু ভাষা শিক্ষক নিযুক্তি দিয়ে । এই উপলক্ষে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং । ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্য, বহু কেইগৰাকী এমএচি উপস্থিত থাকে উক্ত সভাত ।

পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য বিচার্ড টকবিয়ে আদৰণি ভাষণ পাঠ কৰাৰ লগতে শিক্ষা বিভাগে লোৱা বিভিন্ন পদক্ষেপ সম্পর্কে অৱগত কৰে । আনহাতে, মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পৰিষদে শিক্ষাক অগ্রাধিকাৰ প্ৰদান কৰা বুলি উল্লেখ কৰি শিক্ষাৰ জৰিয়তে জিলাখনৰ উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতিৰ জৰিয়তে মাতৃভাষাক অগ্রাধিকাৰ দিবলৈ নিৰ্দেশ প্রদান কৰিছে ।

এই নতুন শিক্ষা নীতিৰ আধাৰত যাতে মাতৃভাষাক সুৰক্ষিত কৰাৰ লগতে প্ৰচাৰ আৰু প্রসাৰ কৰিব পাৰি তাৰ বাবে পৰিষদ বদ্ধপৰিকৰ । মাতৃভাষা বিকাশৰ স্বাৰ্থত পৰিষদে কাৰ্বি মিডিয়াম আৰু কাৰ্বি ভাষা শিক্ষক নিযুক্তি প্রদান কৰি অহাৰ লগতে পৰিষদৰ ৰাজহৰ জৰিয়তে তেওঁলোকক দৰমহা প্ৰদান কৰি থকা হৈছে বুলি উল্লেখ কৰে ৷

এই সকলো নিযুক্তি পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে দুয়োখন জিলাৰ প্ৰতিখন বিদ্যালয়ত এই শিক্ষক নিযুক্তি দিয়া হ'ব । আজি যিসমূহ বিদ্যালয়ত পদ খালী আছে তাত নিযুক্তি প্ৰদান কৰা হ'ল বুলি উল্লেখ কৰি ইয়াৰ বাবে সম্পূর্ণ নিযুক্তি প্রক্রিয়া পৰিষদে পালন কৰা বুলিও ব্যক্ত কৰি মেধাৰ ভিত্তিত এই নিযুক্তি প্রদান কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক:Hagrama Mohilary in Delhi: দিল্লীত বাহৰ পতা হাগ্ৰামা মহিলাৰী চামিল হ'ব নেকি এন ডি এত ?

ABOUT THE AUTHOR

...view details