ETV Bharat / state

Hagrama Mohilary in Delhi: দিল্লীত বাহৰ পতা হাগ্ৰামা মহিলাৰী চামিল হ'ব নেকি এন ডি এত ?

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:26 PM IST

বিজেপি নেতৃত্বৰ আমন্ত্ৰণ ক্ৰমে দিল্লীত হাগ্ৰামা মহিলাৰী । মিত্ৰতা প্ৰসংগত আলোচনাৰ বাবেই হাগ্ৰামা মহিলাৰীক জনোৱা হৈছে আমন্ত্ৰণ । অমিত শ্বাহ আৰু জে পি নাড্ডাৰে আলোচনা হোৱাৰ সম্ভাৱনা । ভোটৰ অংকত বিপিএফৰ প্ৰতি মিত্ৰতাৰ হাত বিজেপিৰ ।

Hagrama Mohilary in Delhi
BPF chief Hagrama Mohilary

গুৱাহাটী, 2 নৱেম্বৰ: দিল্লীত বাহৰ পাতিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে । অৱশ্যে আমন্ত্ৰণ জনোৱা বাবেহে দিল্লীত বাহৰ পাতিছে হাগ্ৰামা মহিলাৰীয়ে । জানিব পৰা মতে বিজেপি নেতৃত্বৰ আমন্ত্ৰণ ক্ৰমে হাগ্ৰামা মহিলাৰী উপস্থিত হৈছে দিল্লীত । আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল হিচাপে বিজেপি নেতৃত্বই মিত্ৰতাৰ প্ৰসংগত আলোচনা কৰা বাবেই হাগ্ৰামা মহিলাৰীক আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে ।

অৱশ্যে এইক্ষেত্ৰত কোনো পক্ষই মুখ খোলা নাই । কিন্তু এটা কথা ঠিক যে বিটিএডিত বিপিএফক নিজৰ লগত ৰাখিব নোৱাৰিলে বিজেপিৰ ক্ষতি হ'ব । সেই কথা বিজেপিয়েও ভালদৰে উপলব্ধি কৰিছে । যাৰ বাবে বিপিএফৰে মিত্ৰতাৰ হাত আগবঢ়াইছে বিজেপিয়ে ।

লক্ষণীয় বিষয় যে আগন্তুক লোকসভা নিৰ্বাচনত কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই শাসকীয় দল বিজেপিয়ে । মিত্ৰদল অগপ আৰু ইউ পি পি এলক এখনকৈ আসন দিব বিচাৰিছে যদিও জয় নিশ্চিত কৰাৰ বাবে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে বিজেপিয়ে । বিশেষকৈ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিক লৈ বিশেষভাৱে শংকাত আছে বিজেপি । মিত্ৰদল ইউ পি পি এলক এখন আসন এৰি দিব যদিও আশ্বস্ত হ'ব পৰা নাই ।

বিটিআৰত বিজেপিৰ নিজা ভেঁটি শক্তিশালী নহয় আৰু যাৰ বাবে ভৰসা হৈছে মিত্ৰদল ইউ পি পি এল । কিন্তু নিশ্চিত জয়ৰ বাবে বিজেপিয়ে ইউ পি পি এলক লৈ সম্পূৰ্ণ ৰূপে আশ্বস্ত হ'ব পৰা নাই । ইফালে বিজেপিৰ ১১ প্লাছত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টি দুটাও আছে । তেনেস্থলত কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই বিজেপিয়ে । বড়ো সম্প্ৰদায়ৰ এটাও ভোট যাতে মিত্ৰদলৰ বাহিৰলৈ নাযায় তাৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে । যাৰ বাবে বিজেপিয়ে বিপিএফক লক্ষ্য কৰি লৈছে ।

বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ ঘোৰ শত্ৰু বিপিএফ । সাপ আৰু নেউলৰ দৰে সকলো সময়তে সংঘাতত থাকে ইউ পি পি এল আৰু বিপিএফ । কিন্তু তাৰ পাছতো ভোটৰ অংকত বিজেপিয়ে বিপিএফৰ প্ৰতি মিত্ৰতাৰ বাবে হাত আগবঢ়াবলৈ বাধ্য হৈছে । এক কথাত বিটিআৰৰ বাবে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ মিত্ৰতাৰ হাত আগবঢ়োৱাৰ বাহিৰে গত্যন্তৰ নাই বিজেপিৰ । যাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ কোনো নেতাই ভুলতো হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰা পৰিলক্ষিত হোৱা নাই । দুৰ্নীতিৰ প্ৰসংগও উত্থাপন নকৰে ।

বিটিআৰত হাগ্ৰামা মহিলাৰীক বাদ দি বিজেপিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব । সেই কথা ভালদৰে উপলব্ধি কৰিছে শাসকীয় দলটোৱে । হাগ্ৰামা মহিলাৰীক আঁতৰত ৰাখি বিজেপিৰ বাবে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি জয় কৰাটো সম্ভৱ নহয় । ইফালে শেহতীয়াকৈ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ দৰে নেতাই বিজেপি ত্যাগ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হৈছে ।

উল্লেখ্য যে বিধানসভাত বিপিএফৰ বিজেপি চৰকাৰৰ প্ৰতি সমর্থন আছে । তেনেস্থলত সেই সমৰ্থনক আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰতাৰ ৰূপ দিয়াৰ বাবে বিজেপিয়ে ৰূপৰেখা প্ৰস্তুত কৰিছে । যাতে বিপিএফ আৰু ইউ পি পি এলৰ সৈতে একত্ৰিতভাৱে নিৰ্বাচন খেলিব পাৰে । এইক্ষেত্ৰত হাগ্ৰামা মহিলাৰীক সৈমান কৰাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক দিল্লীলৈ আমন্ত্ৰণ কৰিছে ।

জানিব পৰা মতে দিল্লীত বাহৰ পাতি থকা হাগ্ৰামা মহিলাৰীক আলোচনাৰ বাবে অমিত শ্বাহ আৰু জে পি নাড্ডাৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছে । সমগ্ৰ বিষয়টো অত্যন্ত গোপনে ৰখা হৈছে । ইফালে দিল্লীত বাহৰ পাতি থকা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বুধবাৰে নতুন দিল্লীত অমিত শ্বাহ আৰু জে পি নাড্ডাৰে বৈঠকত মিলিত হোৱাৰ পাছত বিপিএফ দলটো এনডিএত চামিল হোৱাৰ ইংগিত দি কয় যে হাগ্ৰামা মহিলাৰীক এনডিএত চামিলৰ বাবে আহ্বান জনোৱা হৈছে । তেনেস্থলত হাগ্ৰামা মহিলাৰীৰ মতামতৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে । কিন্তু এটা কথা ঠিক যে বিজেপিয়ে চলে-বলে-কৌশলেৰে বিপিএফক সৈমান কৰাৰ চেষ্টা কৰিব ।

লগতে পঢ়ক: Lok sabha Election 2024: যোৰহাটত গৌৰৱ, ডিব্ৰুগড়ত লুৰীণ বিৰোধীৰ প্ৰাৰ্থী ! কি হ’ব বিজেপিৰ ৰণনীতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.