ETV Bharat / state

Lok sabha Election 2024: যোৰহাটত গৌৰৱ, ডিব্ৰুগড়ত লুৰীণ বিৰোধীৰ প্ৰাৰ্থী ! কি হ’ব বিজেপিৰ ৰণনীতি ?

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:45 PM IST

লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে নতুন কৌশল লৈছে বিৰোধী ঐক্য মঞ্চই ৷ যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক বিৰোধীয়ে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ এনে ক্ষেত্ৰত বিজেপিৰ অংকত লাগিব নেকি আঁউল ? কি হ’ব বিজেপি ৰণনীতি ?

Gaurav Gogoi from jorhat
Lok sabha Election 2024

গুৱাহাটী, ৩১ অক্টোবৰ: সমাগত ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে অসমৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চই বাৰুকৈয়ে শান দিছে ঢাল-তৰোৱালত ৷ বাৰুকৈয়ে এঘঁড়ী যুঁজাৰ মানসেৰে ব্লুপ্ৰিণ্ট ৰচিছে ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ বিৰোধী দলৰ ঐক্যমঞ্চই ৷ বিৰোধী ঐক্যমঞ্চৰ লোকসভা নিৰ্বাচনৰ সমীকৰণক লৈ সচেষ্ট হ’ব লগা হৈছে বিজেপি মিত্ৰজোঁট ৷ লোকসভা নিৰ্বাচনত বিজেপিৰ দুৰ্গত মোক্ষম আঘাত হনাৰ উদ্দেশ্যৰে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই গুৰুত্ব দিছে প্ৰাৰ্থী নিৰ্বাচনত ৷ ৰাখিব খোজা নাই সুৰুঙা ৷

২০১৪ৰ পৰা বৰ্তমানলৈ উজনি আৰু মধ্য অসম ৰাজনৈতিকভাৱে বিজেপিৰ দখলত । বিজেপিৰ ব্যাপক বিস্তাৰ অব্যাহত আছে উজনি আৰু উত্তৰ অসমত৷ বিজেপিৰ দখলৰ পৰা নিজৰ দখললৈ আনিবলৈ প্ৰাৰম্ভিক ৰাজনৈতিক ব্লুপ্ৰিন্ট ৰচিছে ১৫ বিৰোধী দলন ঐক্যমঞ্চই । 2024 ৰ নিৰ্বাচনত উজনি অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত দুজনকৈ গুৰুত্বপূৰ্ণ নেতাক প্ৰক্ষেপ কৰিৰৰ বাবে প্ৰস্তুতি চলিছে বিৰোধী মিত্ৰজোঁটত ৷

পৰিকল্পনা অনুসৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব যোৰহাট সমষ্টিৰ পৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা । অসমত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা হৈ আহিছে যে নগাঁও অথবা নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব গৌৰৱ গগৈ ৷ কিন্তু এতিয়া ১৫ বিৰোধী দলৰ মঞ্চৰ পৰিকল্পনাত দেখা গৈছে দেখা গৈছে এক বিপৰীত ছবি ৷

আন এক পৰিকল্পনা অনুসৰি কাজিৰঙা বা নগাঁও সমষ্টিত নহয় উজনিৰ যোৰহাট সমষ্টিতহে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ৷ বিৰোধীৰ ঐক্য মঞ্চৰ প্ৰায় সকলো দলেই এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে । ৰাইজৰ দলে প্ৰথম অৱস্থাত যোৰহাট আসনখন দাবী জনাইছিল যদিও ৷ পৰৱৰ্তী সময়ত বিজেপিক ৰোধ কৰাৰ স্বাৰ্থতে এইবাৰ লোকসভাত প্ৰতিদন্দিতা নকৰে বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে ।

এতিয়া বিৰোধীৰ ঐক্য মঞ্চৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যোৰহাট লোকসভা সমষ্টি । স্বাধীনতাৰ পিছৰে পৰা আহোম জনগোষ্ঠীৰ ভোটাৰে বিশেষ প্ৰাধান্য বিস্তাৰ কৰি আহিছে যোৰহাট লোকসভা সমষ্টিত ৷ বৰ্তমানৰ বিজেপি বিধায়ক গৰাকীও আহোম জনগোষ্ঠীৰেই ৷ ২০১৪ৰ পূৰ্বে তৰুণ গগৈৰ ঘনিষ্ঠ বিজয়কৃষ্ণ সন্দিকৈ আছিল যোৰহাটৰ কেইবাবাৰৰো সাংসদ ৷ এসময়ত কংগ্ৰেছৰ দুৰ্গ জ্ঞান কৰা হৈছিল আহোম ভোটাৰৰ প্ৰাধান্য থকা যোৰহাট লোকসভা সমষ্টিক ৷ এই যোৰহাটৰে পৰা এতিয়া সাংসদ গৌৰব গগৈক ভোট যুদ্ধত নমাবলৈ সাজু হৈছে ১৫ দলীয় বিৰোধী ৷

কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ পৰি প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ লগে লগে যোৰহাটক লৈ ওলট-পালট লাগিছে বিজেপি মিত্ৰজোঁটৰ পৰিকল্পনাত ৷ ইফালে লোকসভা নিৰ্বাচনৰ বতাহ বলা আৰম্ভ হোৱা সময়ৰ পৰাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে চৰ্চিত হৈ আহিছে জাতীয় পৰিষদৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নাম ৷ সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ শেহতীয়া আলোচনা মৰ্মে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়েই বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত যোৰহাট লোকসভা সমষ্টিত এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে মাজুলী বিধানসভা সমষ্টি । এতিয়া যোৰহাট লোকসভা সমষ্টিত বর্তমান অন্তৰ্ভুক্ত হৈ আছে সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, টীয়ক, যোৰহাট, তিতাবৰ, মৰিয়নী আৰু মাজুলী বিধানসভা সমষ্টক ধৰি মুঠ দহটা সমষ্টি ৷ বর্তমান যোৰহাট লোকসভা সমষ্টিত কেৱল আহোম জনগোষ্ঠীৰ প্ৰায় ৫ লাখৰো অধিক ভোটাৰ আছে । ইয়াৰ বিপৰীতে চাহ জনগোষ্ঠীৰ ভোটাৰ আছে প্ৰায় ৩.৫ লাখৰো অধিক । সেয়ে লোকসভা সমষ্টিটোত আহোম জনগোষ্ঠীৰ সৰ্বাধিক ভোটাৰ থকা বাবে সাংসদ গৌৰৱ গগৈয়েই উপযুক্ত প্ৰাৰ্থী হ’ব বুলি বিবেচনা কৰিছে বিৰোধী মিত্ৰজোঁটসমূহে ৷

যদিহে বিজেপিয়ে আকৌ বৰ্তমানৰ সাংসদ তপন গগৈকে প্ৰাৰ্থিত্ব দিয়ে তেন্তে তপন গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈ হ’ব কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী ৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ২০২৪ ৰ নিৰ্বাচনী ৰণত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰার্থী হিচাপে সাংসদ নিৰ্বাচিত হৈ আহিলে উজনি অসমৰ ভৱিষ্যৎ ৰাজনৈতিক সমীকৰণতেই ই ব্যাপক প্ৰভাৱ পেলোৱাৰ আশাৰ সঞ্চাৰ দেখিছে বিৰোধী নেতৃত্বই । অৱশ্যে বর্তমান ৰাজস্থান নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে সাংসদ গৌৰব গগৈ ৷ অহা ৩ ডিচেম্বৰত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা হ’ব ৷

এক কথাত ক’বলৈ হ’লে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা । লুৰীণজ্যোতি গগৈয়ে ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিজৰ নিৰ্বাচনী কচৰৎ অব্যাহত ৰাখিছে ৷ সমষ্টিটোৰ অন্তৰ্গত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কংগ্ৰেছৰ হাতৰ পৰা এৰি দিয়াৰ পোষকতা কৰা নাই যদিও কংগ্ৰেছ নেতৃত্বই তেওঁলোকক প্ৰায় সৈমান কৰিবলৈ সক্ষম হৈছে ৷ ডিব্ৰুগড়ত এতোৱা মুণ্ডা, বিপুল গগৈ, ৰাজু চাহু আদি আছিল কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷

এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত ১৫ দলৰ সমৰ্থিত প্ৰাৰ্থী হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড় লোকসভাৰ শক্তিশালী প্ৰাৰ্থী ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ডিব্ৰুগড়ৰ বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ভোটৰ যুঁজত নামিব লুৰীণজ্যোতি গগৈ ৷ উল্লেখযোগ্য যে ৰাজ্যৰ শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ নতুনকৈ অন্তৰ্গত হৈছে চাবুৱা বিধানসভা সমষ্টিও ।

আনহাতে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ব্যাপক প্ৰভাব আছে ডিব্ৰুগড় লোকসভা সমষ্টিত ৷ সমষ্টিটোৰ ৰাজনীতিত চাহ জনগোষ্ঠীয়ে নির্ণায়ক ভূমিকা ল'লেও আহোমকে ধৰি মৰাণ, মটক, চুতীয়া, সোণোৱাল কছাৰী, নেপালী আদি জনগোষ্ঠীৰ একত্ৰিত ভোটৰ অংকয়ো সময়ে সময়ে লৈ আহিছে বিশেষ ভূমিকা । যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰীণ গগৈ ২০২৪ৰ লোকসভাৰ ৰণত নামিব ৷ এতিয়া কি হ’ব বিজেপিৰ ৰণনীতি, সেয়া হ’ব লক্ষণীয় ৷ কাৰণ দুই গগৈৰ উজনিৰ দুই গুৰুত্বপূৰ্ণ সমষ্টিত ভোট যুদ্ধই আঁউল লগাব পাৰে বিজেপিৰ নিৰ্বাচনী সমীকৰণত ৷

লগতে পঢ়ক: Loksabha election 2024: যিয়েই সহায় কৰিব তাকেই ভোট দিব যোৰহাটৰ চাহ শ্ৰমিক ভোটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.