ETV Bharat / state

Loksabha election 2024: যিয়েই সহায় কৰিব তাকেই ভোট দিব যোৰহাটৰ চাহ শ্ৰমিক ভোটাৰে

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 7:59 PM IST

Loksabha election 2024
upcoming Loksabha election

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ চাহ শ্ৰমিক ভোটাৰক আকৰ্ষণ কৰিবলৈ বাগানে বাগনে সভা পাতিছে কংগ্ৰেছে ৷ একেদৰে বিজেপিয়ে আগবঢ়াইছে বিভিন্ন আঁচনি ৷ কিন্তু চাহ শ্ৰমিকে কাক জনাব সমৰ্থন, এই সন্দৰ্ভত যোৰহাটৰ বাগিচাৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক জিন্টু শইকীয়াৰ এক বিশেষ প্ৰতিবেদন ৷

যোৰহাটৰ বাগিচাৰ পৰা ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

যোৰহাট, 1 নবেম্বৰ: 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক শিবিৰ সমূহত কুচকাৱাজ আৰম্ভ হৈছে ৷ এফালে বিজেপিৰ পুনৰবাৰ গাদী ৰক্ষাৰ প্ৰচেষ্টা, আনফালে বিৰোধী মিলিত হৈছে বিজেপিক শাসনৰ পৰা ওফৰাবলৈ ৷ কিন্তু কেৱল ৰাজনৈতিক দল লগ হ’লেই জানো চৰকাৰ গঠন কৰিব পাৰি ? গণতন্ত্ৰত ৰাইজেই ৰজা ৷ গতিকে ৰাইজে নিৰ্ণয় কৰিব কাক বহুৱাব শাসনৰ গাদীত ৷ সেয়ে ৰাইজক আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক দলসমূহ ব্যস্ত পৰা দেখা গৈছে ৷

অসমৰ বহুকেইটা বিধানসভা সমষ্টি আৰু লোকসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে চাহ বাগিচাৰ ভোটাৰে ৷ সেয়ে বাগিচাৰ ভোটাৰক যিকোনো ধৰণে সন্তুষ্ট কৰি ৰাখিব বিচাৰে সকলো ৰাজনৈতিক দলেই ৷ এইবাৰো একেই ছবি দেখা গৈছে বাগিচা অঞ্চলত ৷ কি শাসক কি বিৰোধী, উভয়েই নামি পৰিছে বাগিচা শ্ৰমিক ভোটাৰৰ মন জয়ৰ আখৰাত ৷

বিজেপিয়ে এইবাৰ শ্ৰমিকৰ মন আকৰ্ষিত কৰিবলৈ আনিছে বিভিন্ন আঁচনি ৷ লগতে চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰাৰ দীৰ্ঘদিনীয়া যি দাবী সেয়া সম্পূৰ্ণৰূপে পূৰণ নকৰিলেও 18 টকা বৃদ্ধি কৰিলে ৷ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাগিচাত শ্ৰমিকৰ মজুৰি 232 টকাৰ পৰা 250 টকা হোৱাৰ বিপৰীতে বৰাক উপত্যকাৰ বাগিচাত শ্ৰমিকৰ মজুৰী 210 টকাৰ পৰা 228 টকা হ’লগৈ ৷

ইয়াৰ লগতে বাগিচাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, উন্নত চিকিৎসা ব্যৱস্থা, বাট-পথৰ উন্নয়ন, বিজুলী সংযোগ আদিৰ ক্ষেত্ৰতো বিভিন্ন ঘোষণা কৰি থৈছে বিজেপি চৰকাৰে ৷ কোনো কোনো বাগিচাত এই উন্নয়নৰ আংশিক পোহৰ অৱশ্যেই পৰিছে ৷ ফলত একাংশ চাহ শ্ৰমিকে সন্তুষ্টি প্ৰকাশ কৰিছে বিজেপি চৰকাৰৰ প্ৰতি ৷

অৱশ্যে চাহ শ্ৰমিকৰ দুটা মূল দাবী জনজাতিকৰণ আৰু ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ফলত এইক্ষেত্ৰত কিছু বেকফুটলৈ যাবলগীয়া হ’ব পাৰে বিজেপি দলটো ৷ কেন্দ্ৰত চাহ জনগোষ্ঠীৰ দুজনকৈ নেতা আছে ৷ লোকসভাত ডিব্ৰুগড়ৰৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যসভাত যোৰহাটৰ কামাখ্যা প্ৰসাদ তাছা ৷ কিন্তু তেওঁলোকক লৈ যেন বৰ এটা সন্তুষ্ট নহয় একাংশ চাহ শ্ৰমিক ৷

ইফালে কংগ্ৰেছে চাহ জনগোষ্ঠীয় ভোটাৰক আকৰ্ষণৰ বাবে ৰূপায়ণ কৰিছিল বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৷ বহুকেইটা স্থানত ইয়াৰ প্ৰতি চাহ শ্ৰমিক ৰাইজৰ সমৰ্থন দেখা গৈছে যদিও এই সমৰ্থনে কংগ্ৰেছক কিমান লাভান্বিত কৰে সেয়া নিৰ্বাচনতহে দেখা যাব ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত চাহ শ্ৰমিক ৰাইজৰ মনৰ বুজ ল’বলৈ ইটিভি ভাৰত কাষ চাপিছিল যোৰহাটৰ কেইখনমান চাহ বাগিচাৰ শ্ৰমিকৰ ৷ এইসকল শ্ৰমিকৰ একাংশৰ মতে বিজেপি চৰকাৰে তেওঁলোকক যথেষ্টখিনি সুবিধা দিছে ৷ খোৱা পানী, বাট-পথ, অৰুণোদয় আদি সুবিধা লাভ কৰি বিজেপিৰ প্ৰতি আকৃষ্ট তেওঁলোক ৷ পুনৰবাৰ বিজেপিকেই শাসনৰ গাদীত বহুৱাব খোজে এই শ্ৰমিকসকলে ৷

আন একাংশই অৱশ্যে খেদ প্ৰকাশ কৰিছে যে, কেৱল আঁচনি ঘোষণা কৰি বা দুই-একক আঁচনি প্ৰদান কৰিলেই শ্ৰমিকৰ উন্নয়ন কৰা নহয় ৷ চাহ শ্ৰমিকৰ কল্যাণৰ হকে যিমানখিনি কৰিব লাগে সিমান কৰিব পৰা নাই বুলি তেওঁলোকে ক’ব খোজে ৷ অৱশ্যে এই শ্ৰমিকসকলৰ উমৈহতীয়া দাবী হৈছে জনজাতিকৰণ আৰু ভূমি পট্টা প্ৰদান ৷ এই দাবী মানি ল’ব লাগিবই বুলি তেওঁলোকে জোৰ দি কয় ৷ যিয়েই শ্ৰমিকৰ বাবে বেছি কাম কৰিব, শ্ৰমিকৰ উন্নয়ন সাধিব তাকেই চাহ শ্ৰমিকে সমৰ্থন জনাব বুলি উল্লেখ কৰে এইসকল শ্ৰমিকে ৷

লগতে পঢ়ক: NHPC Big Dam : ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.