অসম

assam

ভাং সৰবৰাহ: অভিযুক্তক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়

By

Published : Jun 20, 2022, 7:32 PM IST

ডিফু জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি অবৈধভাৱে ভাং সৰবৰাহৰ অপৰাধত মুকুট দাস নামৰ অপৰাধীটোক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এক লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে (Diphu session court ordered ten years imprisonment to a ganja paddler) ।

ভাং সৰবৰাহ: অভিযুক্তক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়
ভাং সৰবৰাহ: অভিযুক্তক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়

ডিফু, 20 জুন:ডিফু জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি অবৈধভাৱে ভাং সৰবৰাহৰ অপৰাধত মুকুট দাস নামৰ অপৰাধীটোক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এক লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে (Diphu session court ordered ten years imprisonment to a ganja paddler) । উল্লেখযোগ্য যে পেছাত ট্ৰাকচালক মুকুট দাসক 2014 চনৰ 12 ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে ট্ৰাকত 612 কিঃগ্ৰাঃ ভাংসহ হাতে-লোটে আটক কৰিছিল ।

সেই অনুসৰি বোকাজান থানাৰ 21/14 নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু সত্ৰ ন্যায়াধীশৰ আদালতত চলা বিচাৰত আঠজন লোকৰ সাক্ষ্য গ্ৰহণৰ অন্তত সত্ৰ ন্যায়াধীশ মঃ আব্দুল হাকিমে মুকুট দাসক দোষী সাব্যস্ত কৰি দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকাৰ জৰিমনা বিহে । জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰৰ কাৰাদণ্ডৰ হুকুম দিয়া হয় । চৰকাৰী পক্ষৰ হৈ পাব্লিক প্ৰচিকিউটৰ দিলীপ কুমাৰ ডেকাই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে আচামী পক্ষৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা ৰুবী সৰকাৰ আৰু চোনম স্বামীয়ে।

লগতে পঢ়ক:বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

ABOUT THE AUTHOR

...view details