ETV Bharat / state

বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

author img

By

Published : Jun 20, 2022, 5:45 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কনফাৰেঞ্চযোগে দৰং জিলাৰ ছিপাঝাৰত বানাগ্ৰস্ত লোকে চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ পোৱা সন্দৰ্ভত দৰং জিলা উপায়ুক্তক প্ৰশ্ন কৰে (CM not happy at all with the performance of DC Darang)। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে দৰং জিলাৰ বানাগ্ৰস্ত লোকক চৰকাৰী সাহাৰ্য পোৱাতো নিশ্চিত কৰাৰ বাবে কঠোৰ নিদেৰ্শ দিয়ে । তেওঁ লগতে ছিপাঝাৰত বানাগ্ৰস্ত লোকে চৰকাৰী সাহাৰ্য নোপোৱাৰ যাতে কোনো অভিযোগ নাপায় তাৰ বাবে দৰং জিলা জিলা উপায়ুক্তক কনফাৰেঞ্চযোগে সকীয়াই দিয়ে ।

বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক
বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

গুৱাহাটী, 20 জুন: ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনৰ পৰা ৰাজ্যৰ বানাগ্ৰস্ত কেইবাখনো জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চ যোগে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে (CM video conference with DCs on flood situation)। বানত হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তসকলক এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সেৱা ব্যৱহাৰ কৰিবলৈ আৰু প্ৰয়োজন হ’লে সেনাবাহিনীক উদ্ধাৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে ।

তেওঁ লগতে সকলো সাহাৰ্য শিবিৰত পৰ্যাপ্ত পৰিমাণে সাহাৰ্য সামগ্ৰীৰ উপলব্ধতাৰ উপৰি উপায়ুক্তসকলক বিতৰণৰ স্থান স্থাপন কৰি সাহাৰ্য সামগ্ৰী যোগান ধৰাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে । লগতে জিলা উপায়ুক্তসকলক সাহাৰ্য শিবিৰসমূহত ২৪ ঘণ্টাই চিকিৎসাৰ সুবিধা উপলব্ধ কৰাৰ ক্ষেত্ৰতো নিৰ্দেশ দিয়ে (CM instructed to ensure 24 hours medical services in relief camps) । ছিগি যোৱা সকলো মথাউৰিৰ ক্ষেত্ৰত পানী কমিলেই গাঁতবোৰ প্লাগ কৰি মথাউৰিবোৰ সুদৃঢ় কৰি তোলাত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে ।

বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

তদুপৰি বানৰ পাছত দেখা দিয়া স্বাস্থ্যজনিত বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে উপায়ুক্তসকলক প্ৰতিটো ৰাজহ চক্ৰত বিশাল পৰিসৰত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে । পৰিস্থিতি স্বাভাৱিক হ’লে উপায়ুক্তসকলে এসপ্তাহৰ ভিতৰত ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰি চৰকাৰক পুনৰ্নিৰ্মাণৰ কাম আৰম্ভ কৰাত সহায় কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কনফাৰেঞ্চযোগে দৰং জিলাৰ ছিপাঝাৰত বানাগ্ৰস্ত লোকে চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ পোৱা সন্দৰ্ভত দৰং জিলা উপায়ুক্তক প্ৰশ্ন কৰে (CM not happy at all with the performance of DC Darang)। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে দৰং জিলাৰ বানাগ্ৰস্ত লোকক চৰকাৰী সাহাৰ্য পোৱাতো নিশ্চিত কৰাৰ বাবে কঠোৰ নিদেৰ্শ দিয়ে ।

তেওঁ লগতে ছিপাঝাৰত বানাগ্ৰস্ত লোকে চৰকাৰী সাহাৰ্য নোপোৱাৰ যাতে কোনো অভিযোগ নাপায় তাৰ বাবে দৰং জিলা জিলা উপায়ুক্তক কনফাৰেঞ্চযোগে সকীয়াই দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ লগত ভিডিঅ’ কনফাৰেঞ্চযোগে মিলিত হৈ ৰেল সেৱা আৰু বান ক্ষতিগ্ৰস্ত ৰেলৰ আন্তঃগাঠনিৰ বুজ লৈ সমস্যাবোৰ সমাধানৰ আলোচনা কৰে ।

বৈঠকত কেবিনেট সতীৰ্থসকলৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ, বায়ুসেনা, ৰে’লৱে আদিকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল । উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে 33 জিলাৰ ৫,১৩৭খন গাঁৱৰ ৪২ লাখ ২৮ হাজাৰ ১৫৭জন লোক বানৰ কৱলত পৰিছে । বানৰ ফলত এতিয়ালৈকে এক লাখ সাত হাজাৰ ৩৭০ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে । বানৰ ফলত গোৱালপাৰাকে ধৰি ৰাজ্যৰ ১৪খন জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

বৰপেটাৰ পাঁচ শতাধিক গাঁও, ধুবুৰীৰ চাৰি শতাধিক, দৰং আৰু নলবাৰীৰ তিনি শতাধিক, গোৱালপাৰা আৰু কামৰূপৰ দুই শতাধিক গাঁও বানৰ কৱলত পৰিছে । তদুপৰি কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, নগাঁও শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ডেৰ শতাধিক গাঁও আজিও পানীত বুৰ গৈ আছে ।

লগতে পঢ়ক: বানৰ কাল সোঁতত জীৱন বিলীন দুই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.