ETV Bharat / city

বানৰ কাল সোঁতত জীৱন বিলীন দুই আৰক্ষীৰ

author img

By

Published : Jun 20, 2022, 4:51 PM IST

বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে কৰ্তব্যৰত দুই আৰক্ষীয়ে (Police persons died at kampur) ৷ নিশা এটা গোচৰৰ তদন্তৰ বাবে গৈছিল কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল ৷ সেই সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

Police persons died at kampur
Police persons died at kampur

বঢ়মপুৰ, 20 জুন : দেওবাৰে নিশা কামপুৰ আৰক্ষী থানাৰ এটা গোচৰৰ সন্দৰ্ভত কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতী আৰু দুজন আৰক্ষী কনিষ্টবল গৈছিল থানাৰ সমীপৰে মধুপুৰ অঞ্চললৈ । মধুপুৰত প্ৰৱেশ কৰা সময়তে হঠাৎ বাঢ়নী পানীৰ কোৱাল সোঁতত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ (Poplice constable died in flood at Kampur) । কনিষ্টবলজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাওঁতেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীও পৰি যায় পানীৰ কোবাল সোঁতত ৷

পিছত নিশাই কামপুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাজীৱ বৰদলৈ নামৰ কনিষ্টবলজনক । পৰৱৰ্তী সময়ত এচ ডি আৰ এফ বাহিনীয়ে আৰক্ষী বিষয়া গৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখে যদিও পুৱা প্ৰায় ৯ বজাত উদ্ধাৰ হয় আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীৰ মৃতদেহ (SI Samujjal Kakati died in flood) । উটি যোৱা স্থানতে উদ্ধাৰ হয় বিষয়া গৰাকীৰ মৃতদেহ । ডুবাৰুৱে উদ্ধাৰ কৰিলে আৰক্ষী বিষয়া গৰাকীৰ মৃতদেহ ।

বানৰ কাল সোঁতত জীৱন বিলীন দুই আৰক্ষীৰ

এগৰাকী সৎ, কৰ্মদক্ষ আৰক্ষী বিষয়া হিচাপে কামপুৰত পৰিচিত সমুজ্জ্বল কাকতিৰ আকস্মিক মৃত্যুৱে মৰ্মাহত কৰি তুলিছে সকলোকে । ২৯ বছৰীয়া সমুজ্জ্বল কাকতীৰ ঘৰ গুৱাহাটীৰ চাংসাৰিত । প্ৰায় এমাহ পূৰ্বে বেবেজীয়া পহৰা আৰক্ষী চকীৰ পৰা বদলি হৈ কামপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া হিচাপে যোগদান কৰিছিল কাকতীয়ে (Kampur police death news)।

আনহাতে, মৃত আৰক্ষী কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰ হোজগাঁৱৰ কহুৱাতলীত । ৰাজীৱ বৰদলৈৰ পৰিয়ালত আছে চাৰি বছৰীয়া কন্যা, এবছৰ দুমাহৰ এটি পুত্ৰসহ পত্নী আৰু মাতৃ । ঘৰৰ একমাত্ৰ পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিছে ৰাজীৱৰ মাতৃ ৷ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ৰাজীৱ ৷ ৰাজীৱৰ মৃত্যুৰ খবৰ শুনাৰ পিছতে আত্মীয় লোকে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰে যদিও তেওঁৰ ব্যৱহাৰত সন্তুষ্ট নহয় পৰিয়ালৰ লোক ৷

উল্লেখযোগ্য যে স্মাৰ্ট আৰক্ষী বুলি অভিহিত কৰা অসম আৰক্ষীক এনে দুৰ্যোগৰ অৱস্থাত কৰ্তব্য সমাপন কৰিবলৈ লাইফ জেকেট কিয় প্ৰদান কৰা নহ’ল বুলিও এতিয়া অভিযোগ উত্থাপিত হৈছে । আনহাতে, বলিয়া বানৰ মাজতে নিজৰ দায়িত্ব সমাপন কৰিবলৈ গৈ দুই আৰক্ষীয়ে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাত শোক প্ৰকাশ কৰিছে কামপুৰৰ ৰাইজ আৰু সাংবাদিক সকলে ৷

লগতে পঢ়ক : Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.