অসম

assam

Karbi Anglong revenue circle: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ আৰ্শীবাদত চলিছে নেকি ৰাজহ বিভাগ ?

By

Published : Dec 3, 2022, 12:18 PM IST

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ বিভাগৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ(Complaint against Karbi Anglong revenue circle) । বিভাগটোৰ তিনিগৰাকী মণ্ডলৰ কাৰ্যকাল বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন দল-সংগঠনৰ । উন্নয়ণমূলক কাৰ্যত অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি দুই সংগঠনে সম্বোধন কৰে এক সংবাদমেলৰ ।

Complaint against Karbi Anglong revenue circle
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ আৰ্শীবাদত চলিছে নেকি ৰাজহ বিভাগ

ডিফু,২ ডিচেম্বৰ:কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ ৰাজহ বিভাগৰ তিনি মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ(Complaint against Karbi Anglong revenue circle) । অৱসৰৰ পিছতো ম্যাদ বৃদ্ধি কৰা তিনি মণ্ডলৰ বিৰুদ্ধে বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন । তিনি গৰাকী মণ্ডলৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে বিশেষ দৰদ দেখুওৱা বুলি প্ৰকাশ কৰি এই তিনি মণ্ডলে জিলাখনৰ বিভিন্ন উন্নয়ণমূলক কাৰ্যত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত ।

কাৰ্বি ছাত্ৰ সন্থা(Karbi Students Union)ৰ ডিফু আঞ্চলিক আৰু কাৰ্বি আংলং অ'মেন জাষ্টিচ ফৰাম(Karbi Anglong Women Justice Forum) নামৰ সংগঠন দুটাই যুটীয়াভাৱে সংবাদমেলযোগে উত্থাপন কৰে এই গুৰুতৰ অভিযোগ । নিৰ্মীয়মান চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লগতে আন ক্ষেত্ৰত ভূমি দখলৰ নামত ব্যাপক দুৰ্নীতিৰ সংঘটিত কৰা অভিযোগ উত্থাপন কৰে কাৰ্বি ছাত্ৰ সন্থাই । সংবাদমেলযোগে সংঘঠন দুটাই কয় য়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ বিভাগৰ অধীনৰ বাসুদেৱ গায়ন, ধনুৰাম কাথাৰ, আৰু ৰূপ হাচনু নামৰ মণ্ডল কেই গৰাকীয়ে অৱসৰ লোৱাৰ পাছতো ক্ৰমে সাত বছৰ আৰু তিনি বছৰকৈ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছে ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ আৰ্শীবাদত চলিছে নেকি ৰাজহ বিভাগ

ইফালে কাৰ্বি আংলং জিলাৰ মাজেৰে যোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত ইতিমধ্যে বহু শ কোটি টকাৰ দুৰ্নীতি হোৱা বুলি জিলাখনত বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে যদিও পৰিষদে অথবা অসম চৰকাৰে কোনো ধৰণৰ বিষয় ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলযোগে কাৰ্বি ছাত্ৰ সন্থাৰ নেতা লিটন সিং টিমুঙ আৰু বিউলেত বেপিয়ে এই তিনি গৰাকী মণ্ডলে অৱসৰৰ পাছতো কেনেকৈ চাকৰিৰ ম্যাদ বৃদ্ধি পাবলৈ সক্ষম হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ।

লগতে প্ৰশ্ন উত্থাপন কৰে যে এই তিনি গৰাকী মণ্ডলৰ এনে কি বিশেষত্ব আছে যাৰ বাবে পৰিষদে নিজৰ কাৰ্য্যবাহী সভাৰ নিৰ্দেশ অমান্য কৰি এই তিনি মণ্ডল কেইগৰাকীৰ কাৰ্যকাল সাতৰ পৰা তিনি বছৰলৈ বৃদ্ধি কৰিলে । লগতে পৰিষদৰ ৰাজহ বিভাগৰ অধীনত কোটি কোটি টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি উক্ত কাৰ্যত এই তিনি গৰাকী মণ্ডল জৰিত থকা বুলি অভিযোগ দাঙি ধৰে ।

সংবাদমেলত ২০১৬ চনৰ ১৬ আগষ্টত পৰিষদৰ কাৰ্য্যবাহী সভাই পৰিষদৰ অধীনত কোনো কৰ্মচাৰীকে চাকৰিৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছিল বুলি উল্লেখ কৰি ইয়াৰ প্ৰতিলিপি সংবাদ মাধ্যমৰ সন্মুখত সংগঠন দুটাৰ নেতাসকলে প্ৰদৰ্শন কৰে । জিলাখনৰ লগত ৰাজহ বিভাগত শিক্ষিত নিবনুৱা আৰু শিক্ষিত কৰ্মচাৰী থকাৰ পাছতো অৱসৰপ্ৰাপ্ত এই তিনি মণ্ডলক পুনৰ ম্যাদ বৃদ্ধি কৰি চাকৰি কৰি থাকিবলৈ দিয়াৰ আঁৰত গভীৰ ৰহস্য সোমাই আছে বুলিও অভিযোগ উত্থাপন কৰে সংগঠন দুটাৰ নেতাদ্বয়ে ।

লগতে পঢ়ক:Wild elephant attack : গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ আক্ৰমণত আহত কিশোৰ

ABOUT THE AUTHOR

...view details