Wild elephant attack : গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ আক্ৰমণত আহত কিশোৰ

By

Published : Dec 3, 2022, 9:40 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
()

গোলাঘাট জিলাৰ মৰঙিৰ উদয়ন চাহ বাগিচাত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অঘটন (Elephant attack at Udayan Tea Estate) । বন্যহস্তীৰ আক্ৰমণত আহত হয় এটি কিশোৰ । উত্তম তাঁতী নামৰ কিশোৰটি উদয়ন চাহ বাগিচাৰে বুলি জানিব পৰা গৈছে । খাদ্যৰ সন্ধানত বৃহৎ অঞ্চলটোত যোৱা কিছুদিন ধৰি বিচৰণ কৰি ফুৰিছে বন্যহস্তীৰ এটা জাকে (Wild elephants searching food) । বন্যহস্তীৰ জাকটোক চাবলৈ গৈয়ে হাতীৰ আক্ৰমণত আহত হয় কিশোৰটি। এই ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইফালে স্থানীয় লোকসকলে কিশোৰটিক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বন বিভাগৰ বকিয়াল খণ্ডক খবৰ দিয়াৰ পিছতো হাতীৰ জাকটোক সেই স্থানৰ পৰা খেদি পঠাবলৈ বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই বুলি মন্তব্য় কৰে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ দাবী, স্থানীয় প্ৰশাসনৰ লগতে বন বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি বন্যহস্তীৰ জাকটোক শীঘ্ৰেই বনাঞ্চললৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.