বিজেপি মানেই ইডি, চি বি আই-ইলেকশ্যন কমিশ্যন : অজিত কুমাৰ ভূঞা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:30 PM IST

thumbnail
মিৰ্জাত সাংসদ অজিত কুমাৰ ভূঞা (ETV Bharat Assam)

মিৰ্জা, 3 মে’:  বিজেপি মানে এতিয়া ইডি, চি বি আই আৰু ইলেকশ্যন কমিশ্যন ৷ চি বি আই যদি স্বতন্ত্ৰ সংস্থা হ’লহেঁতেন, তেন্তে প্ৰথমেই জে’ললৈ যাব লাগিছিল হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য অজিত কুমাৰ ভূঞাৰ ৷ সাংসদগৰাকীয়ে কয় যে বিজেপিয়েই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছিল কেলেংকাৰীত জড়িত বুলি ৷

শুকুৰবাৰে মিৰ্জাত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলায় অজিত কুমাৰ ভূঞাই ৷ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিধায়ক হৈ নিজৰ পৰিয়ালৰ নামত ভূমি-সম্পত্তি বে-আইনীভাৱে ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷

দেশত ইতিমধ্যে সম্পন্ন হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচৰ পিচত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা থৰহৰি কম্পমান হোৱা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: বড়োলেণ্ডত এতিয়া বন্দুকৰ বাহাদুৰি নাই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.