অসম

assam

নিমাতীঘাটত সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ যোৰহাট জিলা প্ৰশাসনৰ

By

Published : Sep 9, 2021, 9:54 AM IST

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকাৰ লগতে উদ্ধাৰ হোৱা যাত্ৰীৰ তালিকা প্ৰকাশ কৰিছে যোৰহাট প্ৰশাসনে ৷ অহৰহভাৱে লুইতৰ বুকুত চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷

PRELIMINARY REPORT ON NIMATI BOAT ACCIDENT
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ সাম্ভাব্য যাত্ৰীৰ তালিকা প্ৰকাশ যোৰহাট জিলা প্ৰশাসনৰ

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ : নিমাতীঘাটত বুধবাৰে সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনা(Ferry Accident)ৰ সময়ত ফেৰীত থকা লোকসকলৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে যোৰহাট জিলা প্ৰশাসনে(Jorhat District Administration) ৷ যোৰহাট জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত এগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 7 গৰাকী সন্ধানহীন হৈ আছে ৷ আনহাতে দুৰ্ঘটনাত পতিত হোৱা প্ৰায় 82 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে ৷

সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ

যোৰহাট জিলা প্ৰশাসনে ফেৰীখনত যাতায়াত কৰা 47 গৰাকী লোকৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে ৷ আন আন যাত্ৰীসকলৰ সন্ধানত প্ৰশাসনে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷ দুৰ্ঘটনাত নিহত যাত্ৰীগৰাকী গুৱাহাটীৰ পৰিমিতা দাস(30) বুলি জানিব পৰা হৈছে । পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত ৷ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা হিচাপে কৰ্মৰত আছিল পৰিমিতা ।

সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ

আনহাতে, লুইতৰ বুকুৰ পৰা উদ্ধাৰ কৰা লোকসকলৰ ৮ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা ব্যক্তিৰ নাম, ফোন নম্বৰ প্ৰেৰণ কৰিবলৈ টোল ফ্ৰী নম্বৰ আৰু দূৰভাষ নম্বৰ মুকলি মাজুলী জিলা প্ৰশাসনৰ(Majuli District Administration) ৷ টোল ফ্ৰী নম্বৰটো হৈছে- 1077 আৰু দূৰভাষ নম্বৰটো হৈছে- 7635961522 । এই দুটা নম্বৰত সন্ধানহীন হৈ থকা ব্যক্তিৰ বিষয়ে জনাবলৈ অনুৰোধ জনায় জিলা প্ৰশাসনে ।

লগতে পঢ়ক :বৃহস্পতিবাৰে নিমাতীঘাটলৈ যাব মুখ্যমন্ত্ৰী; বুজ ল’ব পৰিস্থিতিৰ

ABOUT THE AUTHOR

...view details