ETV Bharat / city

মাজুলীৰ বিননি : ওৰে নিশা চলিল উদ্ধাৰ অভিযান

author img

By

Published : Sep 9, 2021, 8:53 AM IST

Updated : Sep 10, 2021, 5:58 PM IST

মাজুলীৰ কৰুণ বিননি ৷ বুধবাৰে ওৰে নিশা মাজুলীৰ নিমাতীঘাটত চলিল উদ্ধাৰ অভিযান । বৰ্তমানেও সন্ধান নাই বহু লোকৰ ৷ পুনৰায় বৃহস্পতিবাৰৰ পুৱাৰে পৰা উদ্ধাৰ অভিযানত নামি পৰিছে সেনাবাহিনীৰ লগতে ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ দল ৷

boat accident at majuli
মাজুলীত সন্ধান নাই বহু যাত্ৰীৰ

যোৰহাট, 9 ছেপ্তেম্বৰ : মৰ্মান্তিক ৷ এক হৃদয় বিদাৰক ঘটনা । কালিকালগা বুধবাৰৰ দিনটোত মাজুলীৰ নিমাতীঘাটত সংঘটিত হয় এক ভয়াৱহ নৌকা দুৰ্ঘটনা ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ বুলি ৰাওনা হোৱা ফেৰী দুৰ্ঘটনাগ্ৰস্ত হৈ হঠাৎ ডুব গৈছিল মহাবাহুৰ বুকুত । বুধবাৰৰ পৰাই ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছে এই দুৰ্ঘটনাৰ বাতৰিৰ সবিশেষ ৷

boat accident at majuli
মাজুলীত সন্ধান নাই বহু যাত্ৰীৰ

লগতে পঢ়ক: নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

দেশ তথা ৰাজ্যক জোকাৰি গৈছে এই ঘটনাই ৷ প্ৰকৃততে কিমানগৰাকী লোকক লৈ যাত্ৰা কৰিছিল দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনে, তাৰ সঠিক তথ্য নাছিল আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত । সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে প্ৰকাশ কৰিছে সন্ধানহীন ব্যক্তিৰ তালিকা । এই তথ্য অনুসৰি বৰ্তমানলৈকে সন্ধানহীন হৈ আছে 7 গৰাকী নৌকা যাত্ৰী ৷

লগতে পঢ়ক: ফেৰী দুৰ্ঘটনা : মাজুলী জিলা প্ৰশাসনে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ

যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, ইতিমধ্যে উদ্ধাৰকাৰী দলে সৰ্বমুঠ ৮২ জন যাত্ৰীৰ সম্ভেদ লাভ কৰিছে ৷ এই দুৰ্ঘটনাত ইতিমধ্যে এগৰাকী যুৱতীৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও বৰ্তমানেও বহু লোকৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষী-প্ৰশাসনে ।

মাজুলীৰ কৰুণ বিননি

বুধবাৰে ওৰে নিশা লুইতৰ বুকুত চলিল উদ্ধাৰ অভিযান । পুনৰায় বৃহস্পতিবাৰৰ পুৱাৰে পৰা উদ্ধাৰ অভিযানত নামি পৰিছে সেনাবাহিনীৰ লগতে ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ দল ৷ সকলোৰে আশা সোঁ-শৰীৰে উদ্ধাৰ হওক সন্ধানহীন যাত্ৰীসকল ৷

লগতে পঢ়ক: মা-কমলা ফেৰীতে শেষ যাত্ৰা কৰিলে গুৱাহাটীৰ পৰিমিতাই

Last Updated :Sep 10, 2021, 5:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.