ETV Bharat / state

বৃহস্পতিবাৰে নিমাতীঘাটলৈ যাব মুখ্যমন্ত্ৰী; বুজ ল’ব পৰিস্থিতিৰ

author img

By

Published : Sep 8, 2021, 6:38 PM IST

বৃহস্পতিবাৰে নিমাতীঘাটলৈ যাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বুধবাৰে মাজুলীত সংঘটিত নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ ইতিমধ্যে ৰাওনা হৈছে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা ৷

বৃহস্পতিবাৰে নিমাতীঘাটলৈ মুখ্যমন্ত্ৰী
বৃহস্পতিবাৰে নিমাতীঘাটলৈ মুখ্যমন্ত্ৰী

গুৱাহাটী, 8 ছেপ্তেম্বৰ : নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মুখ্যমন্ত্ৰী নিজেই ঘটনাস্থলীলৈ ৰাওনা হ’ব আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ ল’ব ৷ একে সময়তে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনকো NDRF আৰু SDRF ৰ জৰিয়তে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাকো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অহৰ্নিশে বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে ৷

উল্লেখ্য যে, দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শতাধিক লোক ডুব যায় ব্ৰহ্মপুত্ৰত ৷ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰায় অৰ্ধশতাধিক লোকক ৷ কিন্তু বহুলোক বৰ্তমানেও সন্ধানহীন হৈ আছে নদীৰ বুকুত ৷

লগতে চাওক: লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.