ETV Bharat / state

লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

author img

By

Published : Sep 8, 2021, 5:50 PM IST

Updated : Sep 8, 2021, 6:11 PM IST

নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ দুখন নাৱে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ শতাধিক যাত্ৰী আছিল নাও দুখনত ৷ লুইতৰ বুকুত ডুব গৈছে বহুলোক ৷

মাজুলীত লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা
মাজুলীত লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, 8 ছেপ্তেম্বৰ : মাজুলীৰ নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ বুধবাৰে বিয়লি প্ৰায় 5 বজাত সংঘটিত হৈছে উক্ত নাও দুৰ্ঘটনা ৷ দুখন নাৱে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ তথ্য অনুসৰি, মাজুলীৰ পৰা এখন নাও নিমাতীঘাটলৈ গৈ থকাৰ বিপৰীতে আনখন নাও মাজুলীৰ পৰা নিমাতীঘাট অভিমুখে আহি আছিল ৷

লুইতৰ বুকুত ডুব গৈছে বহুলোক

দুয়োখন নাৱতে আছিল শতাধিক যাত্ৰীসহ বাহন ৷ ভাদমহীয়া ভৰা লুইতৰ বুকুত সংঘটিত হোৱা নাও দুৰ্ঘটনাটোত শতাধিক যাত্ৰী সন্ধানহীন হৈ পৰে ৷ তদুপৰি একাংশ যাত্ৰীয়ে সাঁতুৰি প্ৰাণৰক্ষা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে NDRF আৰু SDRF বাহিনী ৷

এই মূহুৰ্তলৈকে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে 7 টি শিশুক জীৱন্তে উদ্ধাৰ কৰিছে অভিযানকাৰী দলে ৷ লুইতৰ জলস্তৰ বৰ্ধিত মাত্ৰাত থকাৰ হেতুকে অধিকাংশ যাত্ৰী ডুব যোৱাৰ আশংকা কৰা হৈছে ৷

লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্ঘটনাৰ শোকপ্ৰকাশ কৰে বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰায়ো এইক্ষেত্ৰত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

  • I am pained at the tragic boat accident near Nimati Ghat, Jorhat.

    Directed Majuli & Jorhat admin to undertake rescue mission expeditiously with help of @NDRFHQ & SDRF. Advising Min @BimalBorahbjp to immediately rush to the accident site. I'll also visit Nimati Ghat tomorrow.

    — Himanta Biswa Sarma (@himantabiswa) September 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে চাওক: আলফা(স্বা) ৰ নতুন ৰূপেৰে পৰেশ বৰুৱাৰ কিহৰ ইংগিত ?

Last Updated :Sep 8, 2021, 6:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.