নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

author img

By

Published : Sep 8, 2021, 6:36 PM IST

Updated : Sep 8, 2021, 7:42 PM IST

boat-collides-head-on-brahmaputra-river-in-majuli
নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোজ অৰ্ধশতাধিক ()

নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ দুখন নাৱে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ বুলি ৰাওনা হোৱা ফেৰী আৰু এখন লোহাৰ ফেৰীৰ মাজত হোৱা মুখামুখিকৈ হোৱা সংঘৰ্ষৰ ফলত শতাধিক লোক কঢ়িয়াই নিয়া ফেৰীখন নিমাতীঘাটতে সম্পূৰ্ণৰূপে ডুব যায় । এইপৰ্যন্ত এজনৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও সন্ধানহীন হৈ আছে অৰ্ধশতাধিক লোক ৷

যোৰহাট,8 ছেপ্তেম্বৰ : মাজুলীৰ নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ বুধবাৰে বিয়লি প্ৰায় 5 বজাত সংঘটিত হৈছে উক্ত নাও দুৰ্ঘটনা ৷ দুখন নাৱে মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ তথ্য অনুসৰি, মাজুলীৰ পৰা এখন নাও নিমাতীঘাটলৈ গৈ থকাৰ বিপৰীতে আনখন নাও নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে আহি আছিল ৷

নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোজ অৰ্ধশতাধিক

জানিবপৰা মতে, যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ বুলি ৰাওনা হোৱা ফেৰী আৰু এখন লোহাৰ ফেৰীৰ মাজত হোৱা মুখামুখিকৈ হোৱা সংঘৰ্ষৰ ফলত শতাধিক লোক কঢ়িয়াই নিয়া ফেৰীখন নিমাতীঘাটতে সম্পূৰ্ণৰূপে ডুব যায় ।

এই মূহুৰ্তলৈকে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে 7 টি শিশুক জীৱন্তে উদ্ধাৰ কৰিছে অভিযানকাৰী দলে ৷ লুইতৰ জলস্তৰ বৰ্ধিত মাত্ৰাত থকাৰ হেতুকে অধিকাংশ যাত্ৰী ডুব যোৱাৰ আশংকা কৰা হৈছে ৷

উল্লেখযোগ্য যে, আভ্যন্তৰীণ জল সম্পদ বিভাগৰ অধীনত চলাচল কৰা ফেৰী সমূহে কোনো ধৰণৰ টিকট দিয়াৰ ব্যৱস্থা নকৰে । নাওখনত আছিল 100 গৰাকী যাত্ৰী ৷ কিন্তু ভয়াৱহ ঘটনাটো ইতিমধ্যে অৰ্ধশতাধিক লোকৰ মৃত্যু হোৱা নিশ্চিত বুলি একাংশই উল্লেখ কৰিছে ৷

আনহাতে, ইতিমধ্যে ২০ পৰা ২৫ জন লোকক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ভাদমহীয়া ভৰা লুইতৰ বুকুত সংঘটিত হোৱা নাও দুৰ্ঘটনাটোত শতাধিক যাত্ৰী সন্ধানহীন হৈ পৰে ৷

তদুপৰি একাংশ যাত্ৰীয়ে সাঁতুৰি প্ৰাণৰক্ষা কৰে ৷ তাৰ সমান্তৰালভাৱে এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও বহু লোক এতিয়ালৈকে নিখোঁজ হৈ আছে ব্ৰহ্মপুত্ৰত ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই দুৰ্ঘটনাৰ শোকপ্ৰকাশ কৰে বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰায়ো এইক্ষেত্ৰত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

লগতে পঢ়কঃ লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

Last Updated :Sep 8, 2021, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.