ETV Bharat / state

মা-কমলা ফেৰীতে শেষ যাত্ৰা কৰিলে গুৱাহাটীৰ পৰিমিতাই

author img

By

Published : Sep 8, 2021, 10:06 PM IST

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত গুৱাহাটীৰ কাহিলীপাৰা যুৱতী তথা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা পৰিমিতা দাসৰ মৃত্যু । ৭ মাহ পূৰ্বে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত চাকৰিত যোগদান কৰিছিল পৰিমিতা দাসে । বুধবাৰে মাজুলীলৈ গৈ থকা অৱস্থাত ফেৰী দুৰ্ঘটনাত মৃত্যু হয় প্ৰৱক্তা গৰাকীৰ ।

1 Dead As 2 Boats Collide In Brahmaputra In nimati ghat
মা কমলা ফেৰীতে শেষ যাত্ৰা কৰিলে গুৱাহাটীৰ পৰিমিতাই

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত গুৱাহাটীৰ কাহিলীপাৰা যুৱতী তথা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা পৰিমিতা দাসৰ মৃত্যু । ৭ মাহ পূৰ্বে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত চাকৰিত যোগদান কৰিছিল পৰিমিতা দাসে । বুধবাৰে মাজুলীলৈ গৈ থকা অৱস্থাত ফেৰী দুৰ্ঘটনাত মৃত্যু হয় প্ৰৱক্তা গৰাকীৰ ।

দুৰ্যোগ ব্যৱস্থাপনাৰ এক সূত্ৰৰ পৰা পোৱা তথ্য মতে, বুধবাৰে আবেলি প্ৰায় ৪.১৫ বজাত মা কমলা ফেৰীখন নিমাতীঘাটৰ পৰা মাজুলীলৈ যাত্ৰা কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় । ফেৰীখনত প্ৰায় ৭০ গৰাকী যাত্ৰী আছিল । তাৰে ভিতৰত ২৫ গৰাকী যাত্ৰীয়ে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু তাৰ মাজৰ ৬ গৰাকীক বৰ্তমান jmch ভৰ্তি কৰোৱা হৈছে । SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আছে যদিও আন্ধাৰ হোৱাৰ বাবে অভিযান চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, পৰিমিতা দাসে ৭ মাহ পূৰ্বে মহাবিদ্যালয়খনত যোগদান কৰিছিল । শিক্ষানুষ্ঠান খোলাৰ পিছত মহাবিদ্যালয়ত যোগদানৰ বাবে বুধবাৰে মাজুলীলৈ গৈ আছিল পৰিমিতা । যুৱতী গৰাকীৰ নিথৰ দেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ৷

লগতে পঢ়ক: লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

ইফালে, নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাচতে নিলম্বন কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি বিষয়াক ৷ নিলম্বন কৰা হ’ল কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী (IWT dibrugarh division), সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুত গগৈ (IWT jorhat sub division), কণিষ্ঠ অভিযন্তা ৰাতুল তামুলী (IWT Jorhat sub division) ৷

উল্লেখ্য যে, নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । তেওঁ শোক প্ৰকাশ কৰি কেন্দ্ৰই এই সন্দৰ্ভত সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱা কথা ব্যক্ত কৰিছে ৷ টেলিফোনযোগে মুখ্যমন্ত্ৰীৰ পৰা দুৰ্ঘটনাৰ পৰিস্থিতি বুজা লোৱা কথা ব্যক্ত কৰি তেওঁ কয়, প্ৰয়োজনীয় সকলো সহায়-সহযোগৰ কেন্দ্ৰীয় চৰকাৰ সাজু আছে ৷

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত লৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী সোণোৱালে তাৎক্ষণিকভাৱে ফোনযোগে বিষয়টো সন্দৰ্ভত আলোচনা কৰে । বৃহস্পতিবাৰে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.