অসম

assam

দিনযোৰা কাৰ্যসূচীৰে বকোত সাংসদ কুইন ওজা

By

Published : Oct 3, 2021, 2:08 PM IST

বকো আৰু ছয়গাঁৱত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ গুৱাহাটীৰ সাংসদ কুইন ওজাৰ ৷ গান্ধীজয়ন্তীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা কেইবাটাও কাৰ্যসূচীত অংশ লৈ সংবাদমাধ্যমক কি ক'লে সাংসদগৰাকীয়ে ?

MP Queen Oja
দিনযোৰা কাৰ্য্যসূচীৰে বকোত সাংসদ কুইন ওজা

বকো , ৩ অক্টোবৰ :শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বকো আৰু ছয়গাঁৱত উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা । গান্ধীজয়ন্তীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে প্ৰথমে ছয়গাঁও সমষ্টিৰ বনগাঁৱত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য শিৱিৰ আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হয় । একেদৰে কেম্পৰ সাৰ্বজনীন দুৰ্গা পূজাস্থলীও পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে ।

দিনযোৰা কাৰ্যসূচীৰে বকোত সাংসদ কুইন ওজা

সমান্তৰালভাৱে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামপাৰাৰ পৰা ছয়গাঁও ঔদ্যোগীক কেন্দ্ৰলৈ তিনি কিলোমিটাৰ পথত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংসদ গৰাকীয়ে। বকো সমষ্টিত 'সেৱা আৰু সমৰ্পন' শীৰ্ষক এক শোভাযাত্ৰাত অংশ লৈ মৌমান সেৱা আশ্ৰমত উপস্থিত হৈ গান্ধীজীৰ ফটোত মাল্যৰ্পন কৰে সাংসদ গৰাকীয়ে । ইয়াৰ পাচতে বকো নাগোপাৰাত থকা কুষ্ঠৰোগ সেৱাশ্ৰমত উপস্থিত হয় সাংসদ কুইন ওজা । তিনিগৰাকী কুষ্ঠৰোগীক সাংসদগৰাকীয়ে খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰে ।

কদৰ্যময় পৰিৱেশত থকা কুষ্ঠৰোগী সেৱাশ্ৰম তথা ৰোগীৰ অৱস্থা দেখি দুখ প্ৰকাশ কৰে সাংসদ কুইন ওজাই । সাংসদগৰাকীৰ সৈতে বিজেপি দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, কিষাণ মৰ্চাৰ সভাপতি মানিক সিনহা, উপ-সভাপতি বিক্ৰম কলিতা, বকো মণ্ডলৰ সভাপতি অশ্বিনী পাঠক, উপ-সভাপতি প্ৰবীণ তালুকদাৰ, বনগাঁও ব্লকৰ মহিলা মৰ্চাৰ সভানেত্ৰী লাৱণ্য বড়ো, বনগাঁও ব্লকৰ কৃষাণ মৰ্চাৰ সভাপতি ধীৰাজ কলিতাও উপস্থিত থাকে ।

সাংসদ কুইন ওজাই সংবাদ মাধ্যমৰ আগত কয় যে, গছ-গছনি অবিহনে বনৰীয়া জীৱকুললৈ ভাবুকি আহিব পাৰে । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিজেপিয়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । সেই মৰ্মে তেওঁ ছয়গাঁৱৰ বনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি

ABOUT THE AUTHOR

...view details