ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি

author img

By

Published : Oct 3, 2021, 10:21 AM IST

দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

m venkaiah naidu to visit assam on october 3
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

গুৱাহাটী, 3 অক্টোবৰ : উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব । দেওবাৰে দিনৰ 10.35 বজাত বিশেষ বিমানযোগে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব ৷ বিমানবন্দৰত আদৰণি জনোৱাৰ পাছত 10.50 বজাত পাণবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনলৈ ৰাওনা হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী ।

উল্লেখ্য যে, পুৰণি উপায়ুক্তৰ বাসভৱনটো সংৰক্ষণ বাবে ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই ঐতিহ্যমণ্ডিত চৰকাৰী বাসভৱনটোত উপস্থিত হোৱাৰ পাছত দিনৰ 11.15 বজাত বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰিব । ইয়াৰ পৰা উপ-ৰাষ্ট্ৰপতিগৰাকী ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান অভিমুখে ৰাওনা হ’ব আৰু দিনৰ প্ৰায় 11.55 বজাত চিকিৎসালয়খনত কৰ্কট ৰোগীৰ বাবে Pet MRI মেচিন মুকলি কৰিব ৷

m venkaiah naidu to visit assam on october 3
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

ইয়াৰ পাছত দিনৰ 12.10 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত Pet MRI মেচিন মুকলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক অনুষ্ঠানত তেওঁ অংশ ল’ব । 12.50 বজাত জিএমচিএইছৰ পৰা কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হ’ব উপ-ৰাষ্ট্ৰপতি নাইডু ৷ ইয়াতেই তেওঁ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কৰিব ৷ বিয়লি 4 বজাত বিভিন্ন ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰাসকলৰ লগত বৈঠকত মিলিত হ’ব এম ভেংকায়া নাইডু ৷

m venkaiah naidu to visit assam on october 3
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

বিয়লি 4.40 বজাত উপ-ৰাষ্ট্ৰপতিগৰাকী তেওঁৰ অসম ভ্ৰমণৰ মূল অনুষ্ঠানত অংশ ল’বলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হ’ব । বিয়লি 4.50 বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান । উল্লেখ্য যে, এই বছৰৰ পৰা চৰকাৰে প্ৰৱৰ্তন কৰিছে এই নতুন বঁটা । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি নাইডুৱে ড৹ নিৰোদ কুমাৰ বৰুৱাক প্ৰথম বৰ্ষৰ গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰিব । নিশাটো ৰাজভৱনত কটাই সোমবাৰে তেওঁ দিল্লীলৈ উভতি যাব ।

লগতে পঢ়ক : অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.