অসম

assam

Dringking water crisis : বগাহাতীত পৰিণত চৰকাৰী পানী যোগান আঁচনি

By

Published : Jun 10, 2023, 3:32 PM IST

ৰঙিয়াত বগাহাতীত পৰিণত অভিলাষী পানী যোগান আঁচনি ৷ মধ‍্যপাণ্ডুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হৰিয়ান্দাবৰ হৰিপুৰ গাঁৱৰ ৰাইজ দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে বিশুদ্ধ খোৱা পানীৰ পৰা (Dringking water crisis in Rangia) ।

Dringking water crisis
বগাহাতীত পৰিণত অভিলাষী পানী যোগান আঁচনি

ৰঙিয়া, 10 জুন :ধোৱাচাঙত পৰিণতহৈছেচৰকাৰী পানী যোগান আঁচনি ৷ৰঙিয়াৰ মধ‍্যপাণ্ডুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হৰিয়ান্দাবৰ হৰিপুৰ গাঁৱৰ ৰাইজ বঞ্চিত হৈ আহিছে বিশুদ্ধ খোৱা পানী লাভৰ পৰা । কাৰণ গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ নিৰ্মাণ কৰা জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ হৰিয়ান্দাব পানী যোগান আঁচনিখনে বিশুদ্ধ খোৱা পানীৰ সলনি অপৰিষ্কাৰ পানী ৰাইজক যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজে অভিযোগ কৰা অনুসৰি আঁচনিখনৰ পানীৰ নলসমুহেৰে পিতনিৰ পানীৰ দৰে লেতেৰা আৰু দুৰ্গন্ধযুক্ত পানীহে ওলায় (Drinking water crisis in Rangia) ।

ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত অঞ্চলটোৰ 180 ঘৰ লোকক এই আঁচনিখনৰ জৰিয়তে পানী যোগান ধৰাৰ ব‍্যৱস্থা কৰা হৈছিল । কিন্তু স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি আঁচনিখন নিৰ্মাণৰ সময়ত ঠিকাদাৰে অঞ্চলটোৰ এটা অংশত নতুনকৈ নিৰ্মাণ কৰাৰ সলনি অঞ্চলটোত পূৰ্বতে থকা পুৰণা পানী যোগান আঁচনিৰ পাইপ ব‍্যৱহাৰ কৰি আঁচনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে । ফলত যোৱা প্ৰায় ডেৰ বছৰৰ ধৰি পুৰণি পাইপ ফাটি ঠায়ে ঠায়ে পানী নষ্ট হোৱাৰ লগতে বাহিৰৰ বোকা পানী পাইপৰ ফুটা অংশৰে ভিতৰলৈ আহি বিশুদ্ধ পানী লেতেৰা কৰি পেলায় (Failed water supply scheme in Rangia) ।

ইফালে আঁচনিখনৰ মূল অংশটোৰো অৱস্থা তেনেই তথৈবচ হৈ পৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । আঁচনিখনৰ পানী জমা কৰা টেংকীটোৰ লগতে পানী যোগানৰ পাইপবোৰ আইৰণযুক্ত পানীৰ বাবে লেতেৰা হৈ পৰাৰ ফলত শেলুৱৈয়ে আৱৰি ধৰিছে । বিগত প্ৰায় ডেৰ বছৰ ধৰি গাওঁখনৰ ৰাইজে বিশুদ্ধ পানীৰ সলনি ঘোলা অপৰিষ্কাৰ পানী খাবলগীয়া হোৱা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । বহুলোক ইতিমধ্যে ৰোগতো আক্ৰান্ত হৈছে বুলি উল্লেখ কৰে ভুক্তভোগী ৰাইজে (Corruption in water supply scheme in Rangia) ।

ইফালে আঁচনিখনৰ অসুবিধা সম্পৰ্কে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত বিভাগটোৱে গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে অঞ্চলবাসীয়ে । স্থানীয় লোকসকলে জনোৱা অনুসৰি অঞ্চলবাসীয়ে পাইপেৰে ঘোলাপানী অহা বুলি জনোৱাৰ পিছত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ বিষয়াই ৰাইজক নিজে ব্লিচিং পাউদাৰ কিনি পানী পৰিষ্কাৰ কৰি ল’বলৈ কৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ৰাজকোষৰ ধন খৰচ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে নিৰ্মাণ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ পিছতো অঞ্চলবাসীয়ে কিয় অপৰিষ্কাৰ পানী সেৱন কৰি থাকিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক :CM vigilance detained Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ লাট মণ্ডল

ABOUT THE AUTHOR

...view details