CM vigilance detained Lat Mondol: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ লাট মণ্ডল

By

Published : Jun 10, 2023, 11:03 AM IST

thumbnail

ৰহা, 10 জুন : ৰহাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচখোৰ লাট মণ্ডল । ৰহা ৰাজহ চক্ৰৰ লাট মণ্ডল দিলীপ ৰয়ক শুক্ৰবাৰে ঘোচ লোৱা অৱস্থাতে হাতে লোটে ধৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই । জানিব পৰা মতে, ৰহা চক্ৰ বিষয়া কাৰ্যালয়ৰ বগলাজান লাটৰ লাট মণ্ডল দিলীপ ৰয়ে কাকতিগাঁৱৰ আছাজুদ্দিন নামৰ লোকজনৰ পৰা ঋণ আদায়ৰ নামত প্ৰথমে 20 হাজাৰ টকা দাবী কৰিছিল (CM Vigilance detained Lat Mandal) । 

পৰৱৰ্তী সময়ত 15 হাজাৰ টকাত মান্তি হৈ কিস্তি হিচাপত সেই ধন দিবলৈ কয় লাট মণ্ডলজনে । লাট মণ্ডলজনে বিচৰা ধন শুক্ৰবাৰে আছাজুদ্দিনে দিয়া অৱস্থাতেই অৰ্থাৎ উৎকোচ লৈ থকা অৱস্থাতেই দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰে লাট মণ্ডলজনক ।

লগতে পঢ়ক : HS Result 2022 : ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ মন যোৰহাটৰ ৰিষ্ণনাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.