অসম

assam

Tribute to Neelpawan Baruah : আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ

By

Published : Nov 7, 2022, 6:32 PM IST

আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ (Tribute to Neelpawan Baruah) । আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভাৰ আয়োজন । স্মৃতিচাৰণ সভাত নীলপৱন বৰুৱাৰ স্মৃতিত প্ৰকাশ স্মৰণিকা ।

Neelpawan Baruah
Neelpawan Baruah

গুৱাহাটী, ৭ নৱেম্বৰ :আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ (Tribute to Neelpawan Baruah) । সোমবাৰে ধৰ্মীয় নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয় । আনহাতে, বুধবাৰে মৎস্যস্পৰ্শ আয়োজন কৰা হৈছে । আজি আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা এখনো আয়োজন কৰা হয় (Neelpawan Baruah memorial meeting) ।

Tribute to Neelpawan Baruah : আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ

স্মৃতিচাৰণ সভাত নীলপৱন বৰুৱাৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা এখন স্মৰণিকা উন্মোচন কৰা হয় (Souvenir published in memory of Neelpawan Baruah) । মধুসূদন দাসৰ সম্পাদনাত আৰু শিৱ প্ৰসাদ মাৰাৰ সহকাৰী সম্পাদনাত 'জীৱন আৰু শিল্পবোধৰ ৰূপান্তৰৰ পথিকৃত শিল্পী নীলপৱন বৰুৱা' শীৰ্ষক স্মৰণিকাখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোঁহায়ে । তেওঁ স্মৰণিকাখন উন্মোচন কৰি নীলপৱন বৰুৱাৰ সৈতে জড়িত থকা স্মৃতি ৰোমন্থন কৰে ।

Tribute to Neelpawan Baruah : আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ

তেওঁৰ কৰ্মৰাজি সংৰক্ষণ কৰিহে তেওঁক আমাৰ মাজত জীয়াই ৰাখিব পৰা যাব বুলি হীৰেণ গোঁহায়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে । আনহাতে, স্মৃতিচাৰণ সভাত শিল্পী লোকনাথ গোস্বামী, ড৹ অণিমা চৌধুৰী, ড৹ পদ্মপাণিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক গুণমুগ্ধ উপস্থিত থাকে ।

উল্লেখ্য, ২৮ অক্টোবৰৰ বিয়লি ৩.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Neel Pawan Baruah passes away) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ । যোৱা ২১ ছেপ্টেম্বৰত হঠাতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা (Prominent painter Neel Pawan Baruah) ।

কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২১ ছেপ্টেম্বৰৰ মাজনিশাই তেওঁক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Neel Pawan Baruah admitted in GMCH) । তেতিয়াৰে পৰাই ICU-তে চিকিৎসকৰ নিৰীক্ষণত আছিল শিল্পীগৰাকী ।

নীলপৱন বৰুৱাৰ নশ্বৰদেহ শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ বেলতলাস্থিত বাসগৃহলৈ নিয়া হয় আৰু নিশাটো বাসগৃহতে ৰখাৰ পিছত ২৯ অক্টোবৰত ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :Bollywood actor Sonu sood: ৰাজু আলিক হাত দিলে চনু সুদে

ABOUT THE AUTHOR

...view details