অসম

assam

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Sep 12, 2022, 7:15 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 7PM
TOP 10 AT 7PM

বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

মহানগৰীত উৎখাত হ’ল জলসম্পদ বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৭ অভিযুক্তক (Broker detained by Dispur Police) ৷ বৰ্তমানো পলাতক হৈ আছে চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড তিনি অভিযুক্ত ৷


বিধানসভাৰ বাহিৰত কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদ

বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোতে সদনৰ বাহিৰত বিৰোধী দলৰ প্ৰতিবাদ (Opposition protest against Assam govt) ৷ ভূমিহীনক মাটি প্ৰদান, দুৰ্নীতি মুক্ত নিয়োগ নিশ্চিত কৰণ, অবৈধভাৱে মাদ্ৰাছা ভাঙি দিয়াৰ বিচাৰ, মাতৃভাষাৰ পাঠশালা ৰক্ষা ইত্যাদি দাবী সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শন প্ৰতিবাদ সাব্যস্ত কৰে ।


31 অক্টোবৰত পুনৰ গ্ৰহণ কৰা হ’ব ‘কা’ৰ শুনানি

উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে নাগৰিকত্ব সংশোধনী আইনৰ শুনানি (SC adjourns CAA matter) ৷ অহা 31 অক্টোবৰত পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰা হ’ব ৷


মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ দুই ABT সদস্য

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে দুটাকৈ ABT সদস্যক (ABT member arrested) ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছাদ্দিক হুছেইন ৷ মুছাদ্দিক পেশাত গাড়ী চালক আৰু খেতিয়ক ৷ একেদৰে আৰক্ষীয়ে নগাঁও ভকত গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইক্ৰামূল হুছেইন নামৰ আন এটা জেহাদীক ৷ গৰৈমাৰীৰ এটা মছজিদত ইমাম হিচাপে আছিল ইক্ৰামূল (Morigaon Jihadi arrested)৷


তেজপুৰত জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক

জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ ৷ জ্যেষ্ঠ ভাতৃ আৰু ভতিজাকে মিলি হত্যা কৰে পৰিয়ালৰ সদস্যজনক ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ (murder due to family centric conflict) ৷


বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

ৰাজ্যখনৰ পলিটেকনিক সমূহ আৰু দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰ্মৰত ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু 12 মাহ ধৰি অনাদায় হৈ থকা দৰমহা অনতি পলমে মুকলি কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে (Barpeta Polytechnic employees on indefinite strike) ৷ সোমবাৰে পলিটেকনিক চৌহদত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (4th grade employees on protest)৷ সদৌ অসম উল্লেখ্য যে, ৰাজ্যৰ পলিটেকনিকসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে কৰ্মচাৰীসকলে পালন কৰে এই কর্মবিৰতি ৷

যুৱক-যুৱতীসকলৰ Osteoarthritis হোৱাৰ সম্ভাৱনা অধিক: বিশেষজ্ঞ

যিসকল যুৱক-যুৱতীয়ে জাংক ফুড খায় আৰু নিয়মিত ব্যায়াম নকৰে, তেনে যুৱক-যুৱতীৰ মাংসপেশী যথেষ্ট ক্ষতিসাধন হয় আৰু অধিক ওজন বৃদ্ধি পায় । ইয়াৰ ফলত শেষত গাঁঠিবোৰত হেঁচা পৰে যাৰ ফলত হাড় ক্ষয় হয়(Osteoarthritis is result of unhealthy diet lifestyle) । এই সন্দৰ্ভত RMLIMSৰ অধ্যাপক ডাঃ স্বাগত মহাপাত্ৰই কি ক'লে পঢ়ক সবিশেষ...


কনকলতাৰ কাঠৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ উদগ্ৰীৱ বোকাখাতৰ সঞ্জীৱ বৈদ্য

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ সঞ্জীৱে কাঠেৰে নিৰ্মাণ কৰা থৈছে শ্বহীদ কনকলতাৰ সুদৃশ্য কাঠৰ প্ৰতিমূৰ্তি (wooden statue of Martyr Kanaklata) । উল্লেখ্য, অসম তথা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠি প্ৰদৰ্শনীত ভাগ লোৱা সঞ্জীৱ বৈদ্যৰ কাঠত খোদিত সামগ্ৰী চাই অভিভূত হৈ পৰিছে দেশ-বিদেশৰ বিভিন্ন ব্যক্তি ।


খাদ্য খোৱাৰ লগে লগে আমি কিয় গা ধুব নালাগে ? আয়ুৰ্বেদ আৰু বিজ্ঞানে কি কয় জানি লওক

খাদ্য খোৱাৰ পিছত বহু লোকৰে গা ধোৱাৰ অভ্যাস আছে(Disadvantages of bathing right after meal) । এই কাম কৰাৰ আঁৰত তেনে লোকৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য নাথাকে, খাদ্য খোৱাৰ পিছত বহুলোকে গা ধুলে ফ্ৰেছ অনুভৱ কৰে, গতিকে এনে লোকে খাদ্য খোৱাৰ পিছত জিৰণি লয় আৰু শেষত গা ধুবলৈ যায় ৷ কিন্তু আয়ুৰ্বেদ অনুসৰি খাদ্য খোৱাৰ লগে লগে কেতিয়াও গা ধুব নালাগে ।


বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা; ঘটনাস্থলীৰ পৰা পলায়ন নাবালক দৰা

কলগাছিয়াৰ বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা । স্বামীগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী নৱবিবাহিত নাবালিকা কন্যাক (Minor girl rescued from husband's home)। ইতিমধ্যে ঘটনা স্থলীৰ পৰা পলায়ন কৰিছে বাল্য বিবাহ কৰা দৰাৰূপী নাবালকজন ৷

ABOUT THE AUTHOR

...view details