মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ দুই ABT সদস্য

author img

By

Published : Sep 12, 2022, 1:26 PM IST

Updated : Sep 12, 2022, 4:54 PM IST

Morigaon jihadi news

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে দুটাকৈ ABT সদস্যক (ABT member arrested) ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছাদ্দিক হুছেইন ৷ মুছাদ্দিক পেশাত গাড়ী চালক আৰু খেতিয়ক ৷ একেদৰে আৰক্ষীয়ে নগাঁও ভকত গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইক্ৰামূল হুছেইন নামৰ আন এটা জেহাদীক ৷ গৰৈমাৰীৰ এটা মছজিদত ইমাম হিচাপে আছিল ইক্ৰামূল (Morigaon Jihadi arrested)৷

মৰিগাঁও, 12 ছেপ্টেম্বৰ: ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হৈছে আনছাৰুল্লা বাংলা টীমৰ সদস্য (ABT member arrested in Morigaon) ৷ নগাঁও আৰু মৰিগাঁৱৰ পৰা মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে দুটাকৈ ABT সদস্যক ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছাদ্দিক হুছেইন ৷ মুছাদ্দিক পেশাত গাড়ী চালক আৰু খেতিয়ক ৷ একেদৰে আৰক্ষীয়ে নগাঁও ভকত গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইক্ৰামূল হুছেইন নামৰ আন এটা জেহাদীক ৷ গৰৈমাৰীৰ এটা মছজিদত ইমাম হিচাপে আছিল ইক্ৰামূল (Morigaon Jihadi arrested)৷

আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰিছে কেতবোৰ আপত্তিজনক নথি-পত্ৰ ৷ আৰক্ষীৰ জেৰাত দুই জেহাদীয়ে দিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ পূৰ্বে গ্ৰেপ্তাৰ হোৱা জেহাদী সদস্য মুফটি মুস্তাফাই দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে নতুনকৈ এই দুই জেহাদী সদস্যক গ্ৰেপ্তাৰ কৰিছিল (ABT member Mufti Mustafa) ৷ উপ আৰক্ষী অধীক্ষক মৌচুমী দাসে জানিবলৈ দিয়া মতে, মৰিগাঁৱৰ মিলপুৰত চলিছিল জেহাদীৰ প্ৰশিক্ষণ ৷ সেই প্ৰশিক্ষণ শিৱিৰত অংশ লৈছিল বাংলাদেশৰ এটা জেহাদী সদস্যয়ো (Jihadi training camp in Morigaon) ৷

মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ দুই ABT সদস্য

উল্লেখ্য যে, বৰপেটাত প্ৰায় দুমাহ পূৰ্বে প্ৰায় 8 টা জেহাদী ধৰা পৰাৰ পাচতেই ৰাজ্যত গোপনে প্ৰসাৰিত হোৱা জেহাদীৰ জালখন পোহৰলৈ আহে ৷ তাৰ পাচতেই আৰক্ষীৰ অনুসন্ধানত মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছিল মাদ্ৰাছাৰ শিক্ষক হিচাপে কৰ্মৰত মুফটি মুস্তাফা ৷ এই ABT সদস্যটোক গ্ৰেপ্তাৰৰ পাচতেই বহু ন-ন তথ্য লাভ কৰাৰ লগতে নামনি অসমৰ গোৱালপাৰা আৰু বঙাইগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বহুকেইটা জেহাদীক ৷ যাৰ ভিতৰত বাংলাদেশৰ পৰা আহি খোপনি পোতা জেহাদীও আছে (ABT member arrested in Assam)৷

দেখা গৈছে যে, জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজ্যত আটক হৈছে বিভিন্ন পেশাৰ ব্যক্তি ৷ গাড়ী চালক, কৃষকৰ পৰা ইমামলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদীৰে সম্পৰ্ক ৰখা অভিযোগ থকা বহুজনক ৷ ইতিমধ্যে জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চাৰিখনকৈ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে ৰাজ্যত (Madarsa demolished in Assam) ৷ ইয়াৰ ভিতৰত মৰিগাঁৱত এখন, বৰপেটাত এখন আৰু বঙাইগাঁৱত এখন মাদ্ৰাছা প্ৰশাসনে উচ্ছেদ কৰিছে ৷ গোৱাপাৰাত প্ৰশাসনৰ পৰিৱৰ্তে স্থানীয় ৰাইজে উচ্ছেদ কৰিছে এখন মাদ্ৰাছা ৷

উল্লেখনীয় যে, কিছুবছৰ আগলৈকে জামাতুল মুজাহিদ্দিন বাংলাদেশৰ নিৰ্দেশত ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ একাংশ লোক জেহাদী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ উঠিছিল ৷ কিন্তু বৰ্তমান সময়ত সঘনাই উচ্চাৰিত হ’বলৈ লৈছে আনছাৰুল্লা বাংলা টীমৰ নাম ৷ আৰক্ষীয়ে জেহাদী বিষয় সন্দৰ্ভত চোকা দৃষ্টি ৰখা বুলি ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে ৷

লগতে পঢ়ক: জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

Last Updated :Sep 12, 2022, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.