জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

author img

By

Published : Sep 4, 2022, 6:22 PM IST

Updated : Sep 4, 2022, 10:40 PM IST

জেহাদীৰ প্ৰয়োভৰৰ পৰিপ্ৰেক্ষিতত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

জেহাদীৰ সাংগঠনিক ভেটি উচ্ছেদ কৰা উদ্দেশ্য দেওবাৰে কেইবাটাও ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti mahanta)৷

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: ৰাজ্যৰ বহু মাদ্ৰাছাত জেহাদীয়ে(Jihadi in Assam) খোপনি পোতাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে কেইভাটাও মুছলিম সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP meets Islamic organisation leader) ৷ উক্ত আলোচনাৰ পাছতে সংবাদমেল সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে(DGP Bhaskar Jyoti mahanta) ৷

ৰাজ্যত বৃদ্ধি পোৱা জেহাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সহায়-সহযোগিতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয় । বৈঠকৰ পাছতে সংবাদিকক সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে অল কায়দা, ABT ৰ দৰে নিষিদ্ধঘোষিত সংগঠনসমূহ এই ব্যক্তিসকলৰ বাবেহে অসমত সোমাব পৰা নাই । এটা পৰ্টেল মুকলি হ'ব য’ত সকলো মাদ্ৰাছাৰ তথ্য আপলোড কৰিব লাগিব (Portal for Madrasa in Assam)৷

মাদ্ৰাছাসমূহ চোৱা-চিতা কৰাৰ বাবে এখন সমিতি গঠন কৰি দিয়াৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ দেওবাৰৰ আলোচনাত অংশগ্ৰহণ কৰা বিভিন্ন ইছলামিক সংগঠনৰ প্ৰতিনিধিসকলে অসম আৰক্ষীক সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই ৷

জেহাদীৰ প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষাৰ উপৰিও বিজ্ঞান, গণিত, কম্পিউটাৰ আদিৰ শিক্ষা দিয়াৰ পোষকতা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে ৰাজ্যত এই পৰ্যন্ত 739 খন পঞ্জীয়নভুক্ত মাদ্ৰাছা আছে । পঞ্জীয়ন নোহোৱা মাদ্ৰাছা ২০০ ৰো অধিক আছে (Registered Madrasa in Assam)। পঞ্জীয়নভুক্ত নোহোৱা মাদ্ৰাছাসমূহ পঞ্জীয়ন কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে ৷

মাদ্ৰাছা পৰিচালনা কৰাৰ বাবে বিভিন্ন নীতি নিৰ্দেশনাৱলী আছে কিন্তু এতিয়া নীতি নিৰ্দেশনাসমূহ সঠিক ৰূপত ৰূপায়ণ কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কজ্যোতি মহন্তই ।

লগতে পঢ়ক: আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated :Sep 4, 2022, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.