ETV Bharat / state

কনকলতাৰ কাঠৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ উদগ্ৰীৱ বোকাখাতৰ সঞ্জীৱ বৈদ্য

author img

By

Published : Sep 12, 2022, 6:25 PM IST

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ সঞ্জীৱে কাঠেৰে নিৰ্মাণ কৰা থৈছে শ্বহীদ কনকলতাৰ সুদৃশ্য কাঠৰ প্ৰতিমূৰ্তি (wooden statue of Martyr Kanaklata) । উল্লেখ্য, অসম তথা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠি প্ৰদৰ্শনীত ভাগ লোৱা সঞ্জীৱ বৈদ্যৰ কাঠত খোদিত সামগ্ৰী চাই অভিভূত হৈ পৰিছে দেশ-বিদেশৰ বিভিন্ন ব্যক্তি ।

Sanjiv Boidya
Sanjiv Boidya

বোকাখাত, ১২ ছেপ্টেম্বৰ : বোকাখাতৰ ৰজাবাৰী ভকত চাপৰিৰ যুৱক সঞ্জীৱ বৈদ্যৰ কাঠত খোদিত শিল্পকৰ্মই দেশৰ সীমা চেৰাই আমেৰিকা যুক্তৰাষ্ট্ৰত সমাদৰ লাভ কৰিছে (sculptor Sanjiv Boidya from Bokakhat) । ইতিমধ্যে সঞ্জীৱ বৈদ্যৰ কাঠত খোদিত শিল্পকৰ্ম দৃষ্টিগোচৰ হৈছিল বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱৰ। মহকুমাধিপতি গৰাকীয়ে সঞ্জীৱক নিৰ্দিষ্ট সময়ৰ ভিতৰত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কাঠত খোদিত অশোক স্তম্ভ স্থাপনৰ দায়িত্ব দিছিল (Sanjiv Boidya sculpture of National emblem) ।

ইতিমধ্যে এই কাম সুকলমে সম্পন্ন কৰিছে সঞ্জীৱ বৈদ্যই । এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ সঞ্জীৱে কাঠেৰে নিৰ্মাণ কৰা থৈছে শ্বহীদ কনকলতাৰ সুদৃশ্য কাঠৰ প্ৰতিমূৰ্তি (wooden statue of Martyr Kanaklata) । উল্লেখ্য, অসম তথা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠি প্ৰদৰ্শনীত ভাগ লোৱা সঞ্জীৱ বৈদ্যৰ কাঠত খোদিত সামগ্ৰী চাই অভিভূত হৈ পৰিছে দেশ-বিদেশৰ বিভিন্ন ব্যক্তি ।

কনকলতাৰ কাঠৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ উদগ্ৰীৱ বোকাখাতৰ সঞ্জীৱ বৈদ্য

যাৰ বাবে আমেৰিকাৰ পৰ্যটকে সঞ্জীৱ বৈদ্যৰ পৰা ক্ৰয় কৰি লৈ গৈছে ভালেমান সামগ্ৰী । আনহাতে, দেশৰ ভিতৰত বিশেষকৈ কেৰালালৈ তেওঁ নিয়মীয়াকৈ পঠাই আছে হস্তনিৰ্মিত লকেট, চাবিৰ ৰিং । এই চাবিৰ ৰিংসমূহ নিৰ্মাণ কৰা হৈছে বাঁহৰ মূঢ়া, ফলৰ গুটি আৰু একাশং গছৰ ডাঙৰ কাঁইটৰ পৰা । ২০০০ চনৰ পৰাই এনে কাম কৰি অহা সঞ্জীৱে ২০০৬ চনৰ পৰা ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছে এই কাম ।

কাঠত খোদিত শংকৰদেৱ আৰু মাধৱদেৱৰ বহু প্ৰতিমূৰ্তি ইতিমধ্যেই ৰাজ্যৰ বহু নামঘৰে সংগ্ৰহ কৰিছে । বৰ্তমান ছেভ ৰাইন', জাম্পিং হৰ্ছ, সৰ্বপল্লী ৰাধাকৃষ্ণণ, বিষ্ণু প্ৰসাদ ৰাভা, ডঃ ভূপেন হাজৰিকা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সতী জয়মতী, বীৰাঙ্গনা কনকলতা, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, বিহু নাচ আদিৰ কাঠৰ ভাস্কৰ্য নিৰ্মাণ হৈ আছে । নিৰ্মাণৰত অৱস্থাত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিও ।

আনহাতে, শিল্পীগৰাকীৰ এনে কামত উৎসাহ দিবলৈ বোকাখাতৰ মহকুমাধিপতিগৰাকীয়ে মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত সাক্ষাতৰ আশ্বাস দিছে সঞ্জীৱ বৈদ্যক । অৱশ্যে ৰাজ্যৰ লগতে বহিৰাজ্যত আয়োজন কৰা বিভিন্ন কৰ্মশালা, প্ৰদৰ্শনী আদিত ভাগ ল'বলৈ যাওঁতে আয়তকৈ দুগুণ ব্যয়হে হোৱা বুলি আক্ষেপ কৰে সঞ্জীৱ বৈদ্যই । সেয়ে এনে এগৰাকী প্ৰতিভাৱান শিল্পীক চৰকাৰে সহায়ৰ হাত আগবঢ়ালে নিশ্চিতভাৱে অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱাত সহায় হ'ব ।

লগতে পঢ়ক :বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.