ETV Bharat / state

বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা; ঘটনাস্থলীৰ পৰা পলায়ন নাবালক দৰা

author img

By

Published : Sep 12, 2022, 4:43 PM IST

কলগাছিয়াৰ বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা । স্বামীগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী নৱবিবাহিত নাবালিকা কন্যাক (Minor girl rescued from husband's home)। ইতিমধ্যে ঘটনা স্থলীৰ পৰা পলায়ন কৰিছে বাল্য বিবাহ কৰা দৰাৰূপী নাবালকজন ৷

Minor girl rescued from husband's home
বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা

জনিয়া, 12 ছেপ্টেম্বৰ : বাল্য বিবাহ এক সামাজিক ব্যাধি । কিন্তু সামাজিক ব্যাধি হোৱা স্বত্বেও ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ দৰে ঘটনা ৷ বৰ্তমান সময়চোৱাতো ৰাজ্যত যথেষ্ট পৰিমাণে বাল্য বিবাহৰ দৰে ঘটনা বৃদ্ধি পোৱা দেখা গৈছিল ৷ চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ স্বামী গৃহৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নাবালিকা (Minor girl rescued from husband's home) ৷

জানিব পৰা মতে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁৱৰ 14 বছৰীয়া এগৰাকী নাবালিকা কন্যাক বালাৰপাথাৰ গাঁৱৰ 18 বছৰীয়া এজন যুৱকৰ সৈতে দেওবাৰে নিশা বিবাহ সম্পন্ন হয় (Child Marriage Incident at Kalgachia) ৷ এক গোপন সূত্ৰৰ খবৰৰ আলমতে বৰপেটা চাইল্ড লাইনে এই লাভ কৰে এই তথ্য ৷

বালাৰপাথাৰত বাল্যবিবাহৰ ঘটনা

লগতে পঢ়ক : Evil of child marriage: বৰপেটাত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা

তাৰ পাচতে সোমবাৰে বৰপেটা চাইল্ড লাইনৰ (Barpeta Child Line) লোক উপস্থিত হয় বালাৰপাথাৰ গাঁৱত ৷

ইফালে বৰপেটা চাইল্ড লাইনৰ লোকৰ লগে উক্ত স্থানত উপস্থিত হয় আৰক্ষী তথা প্ৰশাসনৰ লোকো ৷ আৰক্ষী তথা চাইল্ড লাইনৰ লোকৰ তৎপৰতাত স্বামীৰ ঘৰৰ পৰাই নৱবিবাহিত নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু আৰক্ষী অহাৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে দৰাৰূপী নাবালক যুৱকজন ৷ সম্প্ৰতি নাবালিকাগৰাকী বালিকুৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ জিম্মাত আছে ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান ৷

উল্লেখ্য যে, ৰাজ্যত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে বাল্য বিবাহৰ দৰে কুপ্ৰথা (Evil of child marriage) ৷ যি সময়ত চৰকাৰে ‘‘বেটি বাচাও বেটি পঢ়াও’’ৰ দৰে আচঁ‌নি প্ৰস্তুতেৰে যুৱতী-মহিলাসকলক শিক্ষিত তথা তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও ঘটি আহিছে বাল্য বিবাহৰ দৰে এনে কুপ্ৰথা ৷

শেহতীয়াকৈ বৰপেটাত পোহৰলৈ অহা এই জঘন্য ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন সমাজক ৷

লগতে পঢ়ক : Child marriage in Barpeta: স্বামী গৃহৰ পৰা উদ্ধাৰ হ’ল বিবাহিত নাবালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.