ETV Bharat / bharat

31 অক্টোবৰত পুনৰ গ্ৰহণ কৰা হ’ব ‘কা’ৰ শুনানি

author img

By

Published : Sep 12, 2022, 4:06 PM IST

Updated : Sep 12, 2022, 6:36 PM IST

উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে নাগৰিকত্ব সংশোধনী আইনৰ শুনানি (SC adjourns CAA matter) ৷ অহা 31 অক্টোবৰত পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰা হ’ব ৷

SC adjourns CAA matter for next week
SC adjourns CAA matter for next week

নিউজ ডেস্ক, 12 ছেপ্টেম্বৰ: সোমবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে দাখিল হোৱা গোচৰৰ 220 খন আবেদনৰ শুনানি গ্ৰহণ কৰি বিষয় সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰি বিচাৰি 31 অক্টোবৰলৈ শুনানি স্থগিত ৰাখিছে ৷ ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এছ ৰৱীন্দ্ৰ ভাট্টৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে (SC hearing on CAA) ৷

উচ্চতম ন্যায়ালয়ে আৰু তিনিজন ন্যায়াধীশৰ বিচাৰপীঠলৈ গোচৰটো শুনানিৰ বাবে প্ৰেৰণ কৰে আৰু ছলিচিটৰ জেনেৰেলৰ কাৰ্যালয়ক আবেদনসমূহ চিনাক্ত কৰি পৃথক কৰিবলৈ নিৰ্দেশ দিয়ে (Petition against CAA) ৷ যাতে আবেদনসমূহ সহজেই আগবঢ়াই নিব পাৰি আৰু আৱদ্ধ কৰিব পৰা যায় । বিচাৰপীঠে নিজৰ নিৰ্দেশত কয়, "ছলিচিটৰ জেনেৰেলৰ কাৰ্যালয়ে এই প্ৰত্যাহ্বানসমূহৰ সৈতে জড়িত বিষয়সমূহৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰিব লাগিব । ব্যক্তিগত আবেদনত উত্থাপিত প্ৰত্যাহ্বানৰ ওপৰত নিৰ্ভৰ কৰি বিষয়সমূহ বিভিন্ন বিভাগত ৰখা হ'ব" ।

২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনখনে পাকিস্তান, বাংলাদেশ, আৰু আফগানিস্তানৰ পৰা ৩১ ডিচেম্বৰ, ২০১৪ বা তাৰ আগতে দেশলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন, আৰু পাৰ্চী সম্প্ৰদায়ৰ অমুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে চেষ্টা চলাইছিল ৷ এই আইনখনে সমগ্ৰ দেশতে প্ৰতিবাদ তথা আলোড়নৰ সৃষ্টি কৰিছিল (Protest against CAA)।

হাজাৰ বিৰোধিতাৰ পাছতো ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা এই আইন কাৰ্যকৰী হয় । কা’ৰ বিৰুদ্ধে প্ৰতিবাদী আবেদনসমূহ প্ৰথমে ২০১৯ চনৰ ১৮ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে উপস্থাপন কৰা হৈছিল । বিবেচনা কৰি বিষয়টো অৱশ্যে ক’ভিড-১৯ মহামাৰীৰ বাবে পিছুৱাই দিয়া হৈছিল ৷ কিয়নো গোচৰটোৰ বাবে বৃহৎ সংখ্যক অধিবক্তা আৰু বিবাদকাৰীক একে ঠাইতে একত্ৰিত হ’ব লাগিব । কেইবাটাও ৰাজনৈতিক আৰু সামাজিক সংগঠনে এই আইনৰ বিৰোধিতা পঞ্জীয়ন কৰিবলৈ আদালতত আবেদন জনায় ।

এই লোক আৰু সংস্থাসমূহৰ ভিতৰত আছিল কেৰেলাস্থিত এটা ৰাজনৈতিক দল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল), তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এআইএমআইএম) নেতা আছাদুদ্দিন ওৱেছি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, এন জি অ’ ৰিহাই মঞ্চ আৰু চিটিজেনছ এগেইনষ্ট হেট, আছাম এডভোকেটছ এছ’চিয়েশ্যন আৰু আইনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্যসকলে যিসকলে আইনখনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ সন্মুখত আবেদন দাখিল কৰিছিল ।

২০২০ চনত কেৰেলা চৰকাৰে এই সন্দৰ্ভত সৰ্বোচ্চ আদালতলৈ হাজিৰ হৈ CAA ক প্ৰত্যাহ্বান জনোৱা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় (Challenge against CAA) ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ হাইদৰপোৰা এনকাউণ্টাৰ সন্দৰ্ভত আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Last Updated :Sep 12, 2022, 6:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.