অসম

assam

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Aug 23, 2021, 7:01 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

যোৰহাটত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সভাত দেখা গ’ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক ৷ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’ব লাগে বুলি মঞ্চৰ পৰা গোপনে আঁতৰি গ’ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনমান পূৰ্বে যোৰহাট ভ্ৰমণ কৰাৰ সময়তো পাচে পাচে ঘূৰি ফুৰা দেখা গৈছিল ভাস্কৰ বৰুৱাক ।

ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি

চাবুৱাৰ 110 বছৰীয়া পুৰণি কাজিখোৱা গল্ফ খেলপথাৰ আৰু তিনিচুকীয়া জিলাৰ পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন সংৰক্ষণৰ দাবীৰে আলফা(স্বাধীন)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক বিবৃতি ৷

বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

মহাযোঁটৰ ভিতৰ চ’ৰাত সন্দেহৰ বীজ ৷ বিশ্বাস হেৰুৱাইছে উভয়ে উভয়ৰ প্ৰতি ৷ এনে অৱস্থাত কেনেকৈ পাৰ হ’ব উপ নিৰ্বাচনৰ বৈতৰণী ? খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে স্বীকাৰ কৰিছে এই কথা ৷

ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তেজপুৰৰ ৱাহিদৰ: হাজিৰ কৰিলে আদালতত

অত্যন্ত বিচক্ষণতাৰে অসমৰ বহু যুৱতীক জালত পেলাই নিষিদ্ধ কাৰ্য সংঘটিত কৰি আহিছিল চাইবাৰ অপৰাধী ৱাহেড আলমে ৷ ৱাহিডৰ পৰা জব্দ কৰা ম'বাইল আৰু লেপটপ সংঘটিত কৰি হতবাক হৈ পৰিছে শোণিতপুৰ আৰক্ষী ৷ য'ত পোৱা গৈছে সাধাৰণ কম্পিউটাৰৰ জ্ঞান থকা মানুহে চিন্তাও কৰিব নোৱাৰা কিছু আচৰিত তথ্য ৷

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত উপলব্ধ ১৮২ বছৰ পূৰ্বে প্ৰকাশিত শব্দকোষ

১৮২ বছৰ পূৰ্বে আমেৰিকা পৰা প্ৰকাশিত হৈছিল এখন শব্দকোষ । "A Spelling Book in English, Assamese, Singpho and Naga" শীৰ্ষক এই শব্দকোষখন প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছে ডিজিটেল মাধ্যমত ।

মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

ওৰ পৰা নাই মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ অধ্যায় ৷ ৰাজ্যজুৰি বৰ্তমানেও চলি আছে এই চক্ৰটোৰ কাম ৷ পিছে এৰি দিয়া নাই অসম আৰক্ষীয়েও ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এই চক্ৰটোৰ এজন পলাতক মাষ্টাৰ মাইণ্ড (master mind criminal) ৷

সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

বৰাকৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেবে 16 আগষ্টত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ ইয়াৰ পাছতেই দেওবাৰে জনিয়াত তৃণমূল কংগ্ৰেছৰ এখন পৰ্যৱেক্ষক সভাত দলটোৰ একাংশ নেতৃত্বই তেওঁক আগন্তুক নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ কথা জানিবলৈ দিয়ে ৷

যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জলপথ মন্ত্রণালয় আৰু আয়ুস মন্ত্রণালয়ৰ কেবিনেট মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ উদ্দেশ্যে "জন আশীৰ্বাদ যাত্ৰা"ৰ তৃতীয় দিনৰ কাৰ্য্যসূচী আয়োজন কৰিছে যোৰহাট জিলা বিজেপিয়ে। যাৰ বাবে যোৰহাটত উপস্থিত হয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

এফালে প্ৰাণৰ সংশয়, আনফালে প্ৰসৱ বেদনা । অৱশেষত বিমানতে এটি কন্যা সন্তান জন্ম দিলে এগৰাকী আফগান মহিলাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।

ফুচকা বিক্ৰেতাৰ জঘন্য কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল : অৱশেষত গ্ৰেপ্তাৰ

ছ’চিয়েল মিডিয়াত ভাইৰেল গুৱাহাটীৰ এজন ফুচকা বেপাৰীৰ নিকৃষ্ট কাণ্ড । যিটো কাণ্ড দেখিলে হয়টো সকলোৱেই ফুচকা বা পানীপুৰিৰ সোৱাদ ল'বলৈ যাওঁতে এশবাৰ ভাবিবলৈ বাধ্য হ'ব । ফুচকাৰ পানীত প্ৰস্ৰাৱ মিহলি কৰি গ্ৰেপ্তাৰ হ'ল ফুচকা বেপাৰী ।

ABOUT THE AUTHOR

...view details