তেজপুৰ,23 আগষ্ট: দীঘলীয়া জেৰাৰ অন্তত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী ৱাহেড আলমক তেজপুৰ আদালতত হাজিৰ কৰে শোণিতপুৰ আৰক্ষীয়ে ৷ তেজপুৰ আদালতত হাজিৰ হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ অন্য কোনো কথাতে মুখ নুখুলিলে যদিও অভিযোগ উত্থাপিত কৰা যুৱতী গৰাকীৰ লগত তেঁওৰ পুৰণি সম্পৰ্ক আছিল বুলি বিস্ফোৰক মন্তব্য কৰে ৷ সেই সম্পৰ্কৰ বাবেই যুৱতী গৰাকীয়ে এনেদৰে অভিযোগ উত্থাপন কৰিছে বুলে মন্তব্য কৰে ৱাহেড আলমে ৷
জানিব পৰা মতে, তেজপুৰৰ পৰা আফ্ৰিকা, আমেৰিকাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি অসমৰ যুৱক-যুৱতীক জালত পেলাই আহিছিল ৱাহেড আলম নামৰ চাইবাৰ অপৰাধীটোৱে ৷ শেহতীয়াকৈ এই যুৱকজনৰ জালত পৰি এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিবলৈকো উদ্যত হৈছিল ৷ লগতে যুৱতী গৰাকীয়ে সমগ্ৰ বিষয়টো টুইটযোগে আৰক্ষীক অৱগত কৰাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ ইয়াৰ পাছতে পোহৰলৈ আহিছিল ৱাহেড আলমে তৰা ভয়ংকৰ জালৰ কথা ৷
ইয়াৰ পাছতে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই তেজপুৰ চহৰৰ মাজ মজিয়াৰ পৰা কম্পিউটাৰত উচ্চ শিক্ষা গ্ৰহণ কৰা ৱাহিদ আলমক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন যুৱকজনে সম্প্ৰতি কম্পিউটাৰ শিক্ষাৰ ডিগ্ৰী সমাপ্ত কৰাৰ পাচত হায়দৰাবাদত এম টেকৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সাজু হৈছিল বুলি জানিব পৰা গৈছে ৷
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৱাহেড আলমে তৰা ভয়ংকৰ জালৰ কথা ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘৱনাতে ইটিভি ভাৰতক জানোৱা মতে, সমগ্ৰ অসমত ভয়ানক ৰূপ ধাৰণ কৰিছে এই চাইবাৰ অপৰাধীয়ে ৷ অতি আশ্চৰ্যজনক ভাৱে আন্তঃ ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিলৈ পৰিণত হৈছে তেজপুৰ চহৰ ৷ তেজপুৰৰ পৰা আফ্ৰিকা, আমেৰিকাৰ ফোন নম্বৰত WhatsApp ব্যৱহাৰ কৰি বহু যুৱতীক জালত পেলাই নিষিদ্ধ কাৰ্য সংঘটিত কৰি আহিছিল ৱাহিদ আলমে ৷
লগতে পঢ়কঃ মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ
ইফালে ৱাহিদৰ পৰা জব্দ কৰা ম'বাইল আৰু লেপটপ দেখি হতবাক হৈ পৰিছে আৰক্ষী ৷ কম্পিউটাৰ বিজ্ঞানৰ বহু জ্ঞান আহৰণ কৰা তথা অভিজ্ঞতা পূৰ্ণ ব্যক্তিয়ো এনে কাৰ্য সাধনৰ বাবে সমৰ্থ নহয় বুলি জনাইছে আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘৱনাতে ৷ আৰক্ষীয়ে জনোৱা মতে,এই যুৱক জনে যুৱতীৰ পৰ্ণ ছবি নিৰ্মাণ কৰি আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰী কৰে ৷ মুম্বাইৰ ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তৰিছিল ৱাহিদে ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত বহুতো নতুন নতুন তথ্য আহৰণ কৰিছে ৷
লগতে এইধৰণৰ যিকোনো সমস্যাৰ সন্মুখীন হোৱা সকলক শীঘ্ৰে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনাইছে শোণিতপুৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ সম্পূৰ্ণ সহযোগ থাকিব বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়কঃ নীলা ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেজপুৰৰ যুৱকৰ ব্যৱসায় !