ETV Bharat / city

মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

author img

By

Published : Aug 23, 2021, 5:04 PM IST

ওৰ পৰা নাই মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ অধ্যায় ৷ ৰাজ্যজুৰি বৰ্তমানেও চলি আছে এই চক্ৰটোৰ কাম ৷ পিছে এৰি দিয়া নাই অসম আৰক্ষীয়েও ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এই চক্ৰটোৰ এজন পলাতক মাষ্টাৰ মাইণ্ড (master mind criminal) ৷

assam-police-being-successful-against-illegal-organ-trafficking-racket
মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

মৰাণ, 23 আগষ্ট : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মানৱ দেহৰ অংগ সৰবৰাহ(illegal organ trafficking)ৰ ঘটনাৰ প্ৰভাৱ এতিয়াও মাৰ যোৱা নাই ৷ মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাঁৱৰ পৰা পোহৰলৈ অহা এই ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী(Assam police)য়ে তীব্ৰতাৰে অভিযান আৰম্ভ কৰাৰ পিছত ধাৰণা কৰা হৈছিল যে, এই চক্ৰটো নিয়ন্ত্ৰণলৈ আহিব ৷ কিন্তু এই চক্ৰটোৱে ৰাজ্যজুৰি বৰ্তমানেও নিজৰ ব্যৱসায় চলাই আছে ৷ পিছে অপৰাধী যদি ডালে-ডালে, অসম আৰক্ষীও পাতে-পাতে ৷

শেহতীয়াকৈ, মানৱ দেহ সৰবৰাহকাৰী তথা কিডনী বিক্ৰী(kidney trading)ৰ চক্ৰটোৰ এটা মাষ্টাৰ মাইণ্ডক গ্ৰেপ্টাৰ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষী ৷ ধৃত অপৰাধীটোৰ নাম গিৰিন সোণোৱাল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেঙাখাট অঞ্চলৰ অভয়াপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপৰাধীটোক । ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত এটা দলে অভিযান চলাই লাভ কৰে এই সফলতা ৷

মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

সূত্ৰ অনুসৰি, ধৃত কিডনী বিক্ৰী চক্ৰৰ মাষ্টৰ মাইণ্ড গিৰিণ সোনোৱাল বহু দিনৰ পৰাই পলাতক অৱস্থাত আছিল । অৱশেষত, দেওবাৰে নিশা ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে সোণোৱালক ৷ ধৃত গিৰিণ সোণোৱালৰ ঘৰ ডিব্ৰুগড় লেজাইৰ লালমাটি তিনিচুকীয়া গাঁৱত বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, বিগত মাহত মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাঁৱত মানৱ শৰীৰৰ অংগৰ বিনিময়ত আগধন দিবলৈ গৈ এই চক্ৰটোৰ সৈতে জড়িত লিলিমাই বড়ো নামৰ মহিলাগৰাকী গাঁওৰক্ষী বাহিনী তথা আৰক্ষীৰ ফান্দত পৰিছিল ৷ সমসাময়িকভাৱে, এজন ভুক্তভোগী লোকে সংবাদ মাধ্যমৰ আগত এই চক্ৰটোৰ পৰা প্ৰৱঞ্চিত হৈ মুখ খুলিছিল ৷ ইয়াৰ লগে লগে ৰাজ্যজুৰি ইটোৰ পিছত সিটো অনুৰূপ ঘটনা পোহৰলৈ আহিছিল ৷ আৰক্ষীয়ে বৰ্তমানেও এই চক্ৰটোৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : চুৰি মিঠাতেল বিচাৰি ৰূপহীহাটত শোণিতপুৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.