ETV Bharat / state

সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

author img

By

Published : Aug 23, 2021, 2:13 PM IST

Trinamool Congress to project Sushmita Dev as CM in Assam
সুস্মিতা দেৱক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

বৰাকৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেবে 16 আগষ্টত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ ইয়াৰ পাছতেই দেওবাৰে জনিয়াত তৃণমূল কংগ্ৰেছৰ এখন পৰ্যৱেক্ষক সভাত দলটোৰ একাংশ নেতৃত্বই তেওঁক আগন্তুক নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ কথা জানিবলৈ দিয়ে ৷

জনিয়া, 23 আগষ্ট : 2026 ত অসম বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে ৷ প্ৰাক্তন সাংসদ নৱ শৰণীয়াইয়ো যোগদান কৰিব তৃণমূল কংগ্ৰেছত । বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি (44 Jania Assembly Constituency)ৰ অন্তৰ্গত জনিয়াত আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলটোৰ এখন পৰ্যৱেক্ষক সভাত এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ একাংশ নেতৃত্বই ।

সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সদস্য টুডো আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত পৰ্যৱেক্ষক সভাখনত বিগত বিধানসভা নিৰ্বাচনত ১৬ টা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে কি কাৰণত পৰাজয় বৰণ কৰিবলগীয়া হ’ল তাৰ ওপৰত বিতংভাৱে পৰ্যালোচনা কৰা হয় । ইপিনে জনিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰে সাংবাদিকৰ আগত কয় যে, বৰ্তমান গো-হত্যা নিবাৰণৰ নামত, স্কুল-মাদ্ৰাছাৰ মুছলমান ছাত্ৰ-ছাত্ৰীৰ বৈষম্যতাৰ নামত, ধৰ্মীয় বিভাজনৰ নামত অসমত অৰাজকতাৰ সৃষ্ট হৈছে, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ হৈ আছে । অসমত এই সাম্প্ৰদায়িকতাৰ বীজ ধ্বংস কৰিব নোৱাৰিলে অসমখন ৰসাতলে যাব ।

Trinamool Congress to project Sushmita Dev as CM in Assam
সুস্মিতা দেৱক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

তেওঁ লগতে এ আই ইউ ডি এফ দলৰ বহু কেইজন শীৰ্ষ নেতাই শীঘ্ৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি জানিবলৈ দিয়ে । আনহাতে, গোৱালপাৰাৰ নেতা জিয়াউল হকে অতি সোনকালেই প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি জানিবলৈ দিয়ে ।

তেওঁ লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে ৷ অখিল গগৈয়ে এই সন্দৰ্ভত মমতা বেনাৰ্জীৰ লগত যোগাযোগ অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে জিয়াউল হকে ৷

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.