যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

author img

By

Published : Aug 23, 2021, 4:58 PM IST

asirbad jatra in jorhat

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জলপথ মন্ত্রণালয় আৰু আয়ুস মন্ত্রণালয়ৰ কেবিনেট মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ উদ্দেশ্যে "জন আশীৰ্বাদ যাত্ৰা"ৰ তৃতীয় দিনৰ কাৰ্য্যসূচী আয়োজন কৰিছে যোৰহাট জিলা বিজেপিয়ে। যাৰ বাবে যোৰহাটত উপস্থিত হয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

যোৰহাট, 23 আগষ্ট: তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাৰ সোমবাৰে অন্তিমটো দিন ৷ দেওবাৰে নিশা বোকাখাতত নৈশ আহাৰ গ্ৰহণ কৰাৰ পিছত সোমবাৰে পুৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় যোৰহাটত ৷ বিগত 21 আগষ্টৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী উজনি অসমৰ কেইবাখনো ঠাইত অনুষ্ঠিত হোৱা দেখা গৈছে ৷

সেই অনুসৰি অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে যোৰহাটত ৷ ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস মন্ত্ৰণালয়ৰ কেবিনেট মন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে "জন আশীৰ্বাদ যাত্ৰা"ৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ আয়োজন কৰিছে যোৰহাট জিলা বিজেপিয়ে ৷

যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

যোৰহাটৰ জিলা পুথিভঁৰালৰ পিতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ উক্ত অনুষ্ঠানতে সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জ্ঞাপন কৰে জিলাখনৰ কেইবাটাও দল-সংগঠনে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, ৰূপম গোস্বামীসহ বহু বিজেপি নেতাই ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই জন আশীৰ্বাদ যাত্ৰাৰ সামৰণিৰ পিছতে পুনৰ উভতি যাব ৰাজধানী চহৰ দিল্লীলৈ ৷

লগতে পঢ়ক: ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.