ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

author img

By

Published : Aug 23, 2021, 1:55 PM IST

Updated : Aug 24, 2021, 2:14 PM IST

flood in jonai

শনিবাৰে পুৱতি নিশা জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি ৷ ফলত জলমগ্ন ১০ খনৰো অধিক গাঁও ৷ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

জোনাই, 23 আগষ্ট : শনিবাৰে পুৱতি নিশা জোনাইৰ সোণোৱাল কাতনিত চিয়াঙৰ বাঢ়নি পানীয়ে ছিঙিলে মথাউৰি ৷ শান্তিপুৰ, মালভোগ, ৰাভা কাতনি, সোণোৱাল কাতনি, তাৰি মাজগাঁও আদিকে ধৰি ১০ খনৰো অধিক গাঁও এতিয়া পানীৰ কবলত ৷ সম্প্ৰতি পানীত বুৰ গৈছে শ শ পৰিয়ালৰ ঘৰবাৰীৰ লগতে খেতিপথাৰ ৷ সম্পূৰ্ণ জলমগ্ন অঞ্চলসমূহৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

ভদীয়া বানত বুৰ গ’ল জোনাই

উল্লেখ্য যে, জোনাই অঞ্চলত শেহতীয়াকৈ MGNREGA আঁচনিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল মথাউৰি ৷ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিটোৱে ভেটি দি ৰাখিব নোৱাৰিলে বাৰিষাৰ বলীয়া বানক ৷ ফলস্বৰূপে জলমগ্ন হৈ পৰে প্ৰায় কুৰিখনৰো অধিক গাঁও ৷

বিগত কিছুদিনৰ পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ক্ৰমাৎ বাঢ়িছে চিয়াং নদীৰ জলপৃষ্ঠ ৷

flood in jonai
চিয়াং নদীৰ সংহাৰী ৰূপ

চিয়াঙৰ বাঢ়নী পানীয়ে কবু চাপৰিলৈও নমাই আনিছে অশনি সংকেত ৷ জলমগ্ন হৈ পৰিছে কবু চাপৰিৰ ১ আৰু ২ নং ৱাৰ্ডৰ সকলো ঘৰ-বাৰী, কৃষি ভূমি ৷ এই বানে কেৱল সাধাৰণ লোকৰ বাবেই নহয়, অশনি সংকেত কঢ়িয়াই আনিছে পশুধনৰ প্ৰতিও ৷ চিয়াং নদীৰ বাঢ়নী পানীয়ে বিভিন্ন চাপৰিসমূহত থকা গৰু-ম’হৰ খুটিবোৰ বুৰাই পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গো-পালকসকলৰ মাজত ।

লগতে পঢ়ক: ফুচকা বিক্ৰেতাৰ জঘন্য কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল : অৱশেষত গ্ৰেপ্তাৰ

Last Updated :Aug 24, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.