ETV Bharat / city

ফুচকা বিক্ৰেতাৰ জঘন্য কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল : অৱশেষত গ্ৰেপ্তাৰ

author img

By

Published : Aug 23, 2021, 7:22 AM IST

Updated : Aug 23, 2021, 1:36 PM IST

arrested a panipuri seller in guwahati
ফুচকা বেপাৰীৰ নিকৃষ্ট কাণ্ড

ছ’চিয়েল মিডিয়াত ভাইৰেল গুৱাহাটীৰ এজন ফুচকা বেপাৰীৰ নিকৃষ্ট কাণ্ড । যিটো কাণ্ড দেখিলে হয়টো সকলোৱেই ফুচকা বা পানীপুৰিৰ সোৱাদ ল'বলৈ যাওঁতে এশবাৰ ভাবিবলৈ বাধ্য হ'ব । ফুচকাৰ পানীত প্ৰস্ৰাৱ মিহলি কৰি গ্ৰেপ্তাৰ হ'ল ফুচকা বেপাৰী ।

গুৱাহাটী, 23 আগষ্ট : পথৰ দাঁতিত তথা পদপথত সহজতে উপলব্ধ ফুচকা বহুতৰে প্ৰিয় । আবেলিৰ সময়ত ৰাস্তাৰ কাষত থিয় হৈ ফুচকাৰ সোৱাদ লোৱা দৃশ্য সকলোতে সুলভ । বিশেষকৈ মহিলাসকলৰ অতি প্ৰিয় ফুচকা ।

কিন্তু এই ফুচকা এতিয়া বিশেষ কাৰণত চৰ্চাৰ বিষয় হৈ পৰিছে । ছ'চিয়েল মিডিয়াত ফুচকা বিক্ৰেতাৰ এটা বিশেষ ভিডিঅ' অতিকৈ ভাইৰেল হৈ পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এজন ফুচকা বেপাৰীৰ জঘন্য কাণ্ড । যিটো কাণ্ড দেখিলে হয়টো সকলোৱেই ফুচকাৰ সোৱাদ ল'বলৈ যাওঁতে এশবাৰ ভাবিবলৈ বাধ্য হ'ব ।

ফুচকা বিক্ৰেতাৰ জঘন্য কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল

ভাইৰেল হোৱা ভিডিঅ'টোত পথৰ দাঁতিৰ এজন ফুচকা বেপাৰীয়ে ফুচকাত ব্যৱহাৰ কৰা পানীৰ গেলাইনত প্ৰস্ৰাৱ মিহলি কৰি থকা দেখিবলৈ পোৱা গৈছে । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই অৱশেষত ফুচকা বিক্ৰেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনাতো গুৱাহাটীৰ আঠগাঁও কবৰস্থানৰ সমীপৰ পদপথৰ ।

এই জঘন্য কাণ্ড সংঘটিত কৰা ব্যৱসায়ীজন ভূতনাথৰ আক্ৰুল চাহিনী (৬০) বুলি আৰক্ষীয়ে জানিবলৈ পোৱা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । কিছুদিন পূৰ্বে সংঘটিত এই ঘটনাৰ পিছতে ফুচকা প্ৰিয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে পদপথৰ কাষত বিক্ৰী কৰা খাদ্য সামগ্ৰীৰ স্বাস্থ্য সন্মত দিশটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক: তাই জীয়াই আছে : সংবাদ মাধ্যমত ক’লে নন্দিতাৰ দেউতাকে

Last Updated :Aug 23, 2021, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.