ETV Bharat / state

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত উপলব্ধ ১৮২ বছৰ পূৰ্বে প্ৰকাশিত শব্দকোষ

১৮২ বছৰ পূৰ্বে আমেৰিকা পৰা প্ৰকাশিত হৈছিল এখন শব্দকোষ । "A Spelling Book in English, Assamese, Singpho and Naga" শীৰ্ষক এই শব্দকোষখন প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছে ডিজিটেল মাধ্যমত ।

182 years old dictionary in digital platform for the first time
প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত উপলব্ধ ১৮২ বছৰ পূৰ্বে প্ৰকাশিত শব্দকোষ
author img

By

Published : Aug 23, 2021, 5:24 PM IST

তেজপুৰ, ২৩ আগষ্ট: পূৰ্বপুৰুষসকলে কেনে ধৰণৰ ভাষা ব্যৱহাৰ কৰিছিল, সেয়া জনাৰ উৎসুকতা সকলোৰে থাকে । কিন্তু ১৮২ বছৰ পূৰ্বে প্ৰকাশিত এখন শব্দকোষ সহজেই পঢ়াৰ সুযোগ লাভ কৰিব বুলি অৱগত হ'লে আপোনাৰো নিশ্চয় কৌতুহল বৃদ্ধি পাব । শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে ডিজিটেল প্লেটফৰ্মত উপলব্ধ হৈছে ১৮২ বছৰ পূৰ্বে আমেৰিকাৰ পৰা প্ৰকাশিত এখন শব্দকোষ । এই শব্দকোষখনৰ নাম "A Spelling Book in English, Assamese, Singpho and Naga" ।

শব্দকোষখনৰ প্ৰথম ডিজিটেল প্ৰতিলিপি আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েলে বিশ্ববিদ্যালয়ৰ বেইনেক বিৰল গ্ৰন্থ আৰু পাণ্ডুলিপি পুথিভঁৰালৰ পৰা এক সম্প্ৰদায় ভিত্তিক ডিজিটেল প্লেটফৰ্ম 'নকটে ডাইজেষ্টে' সংৰক্ষণ কৰিছে । ১৮৩৯ চনত আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰী মাইলচ ব্ৰনছনে এই শব্দকোষখন প্ৰকাশ কৰিছিল । এই শব্দকোষখন নকটে(Nocte) আৰু চিংফৌ(Singpho) ভাষাৰ লিখিত ৰূপত থকা আটাইতকৈ পুৰণি সমল । অষ্ট্ৰেলিয়াৰ লা ট্ৰোব বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টিফেন ম'ৰে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বৰ্থম'ৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰিক্কেন ডকম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েলে বিশ্ববিদ্যালয়ৰ ড০ লিউক লিণ্ডেমানৰ সহায়ত নকটে ডাইজেষ্টৰ সম্পাদক ৱাংটুম এইচ লোয়াঙে কিতাপখন সংগ্ৰহ কৰে ।

182 years old dictionary in digital platform for the first time
প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত উপলব্ধ ১৮২ বছৰ পূৰ্বে প্ৰকাশিত শব্দকোষ

নকটে আৰু চিংফৌ জনগোষ্ঠীৰ বাবে ১৮২ বছৰ পূৰ্বে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কেনেদৰে কথা পাতিছিল সেয়া জানিবলৈ এই শব্দকোষখনে দাপোন হিচাপে কাম কৰিব ।

কিতাপখন উপলব্ধ হ'ব http://noctedigest.com/libraryত । উল্লেখ্য যে, নকটে হৈছে মূলতঃ অৰুণাচল প্ৰদেশত বাস কৰা এটা নগা জনজাতি । ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জনজাতিটোৰ জনসংখ্যা প্ৰায় ১,১১,৬৭৯ গৰাকী।

মূলতঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ পাটকাই পাহাৰত বসতি কৰে এই জনজাতিৰ লোকসকলে । এওঁলোক কন্যাক নগাৰ সৈতে জাতিগতভাৱে সম্পৰ্কিত । ১৬৭০ আৰু ১৭০০ চনৰ মাজভাগৰ পৰা ম্যানমাৰৰ হুকং উপত্যকাৰ পৰা ভাৰতলৈ এইসকল লোকৰ প্ৰব্ৰজন ঘটিছিল । যি কি নহওক, ১৮২ বছৰ পূৰ্বে প্ৰকাশিত শব্দকোষখন উপলব্ধ হোৱাক লৈ আনন্দিত হৈ পৰিছে বৌদ্ধিক মহল ।

লগতে পঢ়ক:বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.