ETV Bharat / international

আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

author img

By

Published : Aug 23, 2021, 4:01 PM IST

Afghan woman gives birth to baby girl onboard US evacuation flight
আফগানিস্তানৰ পৰা স্থানান্তৰ কৰাৰ সময়তে বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

এফালে প্ৰাণৰ সংশয়, আনফালে প্ৰসৱ বেদনা । অৱশেষত বিমানতে এটি কন্যা সন্তান জন্ম দিলে এগৰাকী আফগান মহিলাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ আগষ্ট: আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানেৰে স্থানান্তৰ কৰি থকাৰ অৱস্থাতে বিমানতে সন্তান জন্ম দিলে আফগানিস্তানৰ এগৰাকী মহিলাই । তালিবানৰ দখলত থকা আফগানিস্তান এৰি আহিছিল মহিলাগৰাকীয়ে । শনিবাৰে জাৰ্মানী(Germany)ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰবেচত বিমানখনে অৱতৰণ কৰাৰ পিছতে তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে । শেহতীয়াকৈ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে(US Defense Department) দুখন ফটো টুইটযোগে শ্বেয়াৰ কৰিছে ।

ফটোত দেখা গৈছে যে, ৰামষ্টাইন এয়াৰবেচ(Ramstein Air Base)ত আফগান মহিলাগৰাকীক বিমানৰ পৰা উলিয়াই অনাত সহায় কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই । মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ কিছু সময়ৰ পিছত তেওঁক বিমানৰ পৰা উলিয়াই অনা হৈছিল । সেনাৰ ৮৬ সংখ্যক চিকিৎসা গোটৰ চিকিৎসা কৰ্মীয়ে আফগান মাতৃগৰাকী আৰু তেওঁৰ পৰিয়ালক সহায় কৰে । উৰণৰ আৰম্ভ হোৱাৰ সময়ৰ পৰাই আফগান মহিলাগৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰিছিল আৰু কিছু সময়ৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে ।

Afghan woman gives birth to baby girl onboard US evacuation flight
আফগানিস্তানৰ পৰা স্থানান্তৰ কৰাৰ সময়তে বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ ম'বিলিটি কামাণ্ডৰ মতে, বিমানৰ কমাণ্ডাৰে বিমানখনত বায়ুৰ চাপ বৃদ্ধি কৰিবলৈ কিছু উচ্চতাত বিমানখন উৰুওৱাৰ সিদ্ধান্ত লৈছিল । বিমানখন অৱতৰণ কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰমেনসকল সেই স্থানত উপস্থিত হয় । মহিলাগৰাকীয়ে বিমানখনৰ কাৰ্গো বেত সন্তানটি প্ৰসৱ কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ ম'বিলিটি কামাণ্ডে টুইটযোগে জনায় যে, বৰ্তমান সন্তান আৰু মাতৃ ওচৰৰে চিকিৎসা কেন্দ্ৰত আছে আৰু দুয়ো বৰ্তমান সুস্থ অৱস্থাত আছে ।

তালিবানে কাবুলত ক্ষমতা নিজৰ দখললৈ অনাৰ পিছৰে পৰা যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পৰা ওলাই আহিবলৈ বিচাৰিছে দেশখনৰ জনতাই । আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা হাজাৰ হাজাৰ মাৰ্কিন নাগৰিকক উলিয়াই অনাৰ চেষ্টা চলাই আছে । আফগানিস্তানৰ পৰা হৈ থকা এই স্থানান্তৰ প্ৰক্ৰিয়াক ইতিহাসৰ আটাইতকৈ কঠিন আৰু বৃহৎ এয়াৰলিফ্ট বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে শুকুৰবাৰে সকলো মাৰ্কিন আৰু মিত্ৰশক্তিক যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা উলিয়াই অনাৰ আশ্বাস দিছিল ।

হোৱাইট হাউচত এক সংবাদমেল সম্বোধন কৰি বিডেনে কয় যে, দেওবাৰে আফগানিস্তানত চৰকাৰৰ পতনৰ হোৱাত তালিবানে ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পাছত দেশখনত আমেৰিকাৰ দীঘলীয়া অভিযান সমাপ্ত কৰাৰ সময় আহি পৰিছে । লগতে সকলো মাৰ্কিন নাগৰিকক সুৰক্ষিতভাৱে আমেৰিকালৈ ঘূৰাই অনাৰ সময় আহিছে বুলি তেওঁ মন্তব্য কৰে । দ্য হিলৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে যোৱা ১৪ আগষ্টৰ পৰা এতিয়ালৈকে আফগানিস্তানৰ পৰা প্ৰায় ২৫,১০০ জন আৰু জুলাইৰ শেষৰ পৰা প্ৰায় ৩০,০০০ লোকক স্থানান্তৰ কৰিছে ।

লগতে পঢ়ক:Dry fruit খাই ভালপোৱা সকলৰ বাবে বেয়া খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.