গুৱাহাটীৰ ৰেডিশ্বন ব্লু' দেশবাসীৰ আকৰ্ষণৰ বিন্দু হৈ পৰাৰ সময়তে শুকুৰবাৰে ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ এগৰাকী সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে (Shiv Sena supporter protest in Guwahati) । শিৱসেনাৰ সমৰ্থকগৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীলৈ আহি "একনাথ সিন্দে আপুনি মহাৰাষ্ট্ৰলৈ উভতি বলক" শীৰ্ষক শ্ল'গানেৰে বেনাৰ লৈ প্ৰতিবাদ কৰে ৷
স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত দেশত 17,336 গৰকী লোক কৰ'ণাত আক্ৰান্ত হয় (New Covid 19 case in India) ৷ সম্প্ৰতি দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 90 হাজাৰলৈ বৃদ্ধি হৈছে ৷
আৰ্থিক সংকটৰ পৰা এতিয়াও কঁকাল পোনাব পৰা নাই দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই (Sri Lanka Economic crisis) । অগণিত ধাৰৰ বোজাই কোঙা কৰিছে দেশৰ পৰিস্থিতি । যাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰখনত খাদ্য, ঔষধ, ৰন্ধন গেছ আৰু ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ ফলত আকাশলংঘী মূল্য বৃদ্ধি হয় ৷
গুৱাহাটীৰ পৰা সন্ধানহীন নগাঁৱৰ কঠীয়াতলীৰ দীপাংকৰ বসুমতাৰী নামৰ এজন যুৱক (Youth missing in Guwahati) ৷ যোৱা 16 জুনৰ পৰা কোনো শুংসূত্ৰ নাই দীপাংকৰৰ (Deepankar basumatary missing) ৷
বৃহস্পতিবাৰে নিশা 9.45 বজাত আকৌ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছে ৰেডিশ্বন ব্লু (Three more rebel MLAs reached guwahati)। ইয়াৰে দুজন শিৱসেনাৰ আৰু এজন নিৰ্দলীয় । দাদা ভুছে আৰু সঞ্জয় ৰাথোৰ শিৱসেনাৰ আৰু গীতা জৈন নিৰ্দলীয় বিধায়ক ।
ধুবুৰীত অভাৰলোডেড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য(Overloaded stone filled dumpers in Dhubri)৷ শ্ৰীৰামপুৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধুবুৰী-কচুগাঁও ৰোডৰ মাজেৰে নিতৌ বাধাহীনভাৱে চলি আছে অভাৰলোডেড শিল ভৰ্তি ডাম্পাৰ ।
শিৱসাগৰ নগৰত এগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে(One Woman missing from Sivasagar) । জানিব পৰা মতে, জয়সাগৰৰ নিৱাসী যুৱতীগৰাকী বৃহস্পতিবাৰে মাজ নিশা আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জাঁপ মৰাৰ পিচৰে পৰা সন্ধানহীন অৱস্থাত আছে ৷
তাৰিখৰ পাছত তাৰিখ ৷ সুদীৰ্ঘ ছয় বছৰৰ পাছত নিৰ্যাতিতাই পালে ন্যায় (Six years later victim got justice) । সোণাৰিত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত পাচঁ বছৰ সশ্ৰম কাৰাদণ্ড আৰ এছ এছ তথা বিজেপি নেতা দিগন্ত শইকীয়াক(Teacher jailed for sexually assaulting sonari student) ।
ৰাজ্য়ত বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ আতংক অব্য়াহত । ৰাজ্য়খনৰ আন জিলাৰ লগতে দৰঙতো ৰাইজে অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হৈছে । ইয়াৰ মাজতে ঠেকেৰাবাৰীৰ ভোকেলীমাৰাত শাকতোলা নদীৰ মথাউৰি কাটিলে দুৰ্বৃত্তই ।
ৰাজ্যত বানৰ প্ৰলংকাৰী ৰূপ (Flood in Kaliabor) ৷ তাৰ মাজতে বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ মাধতাৰি গাঁৱত উদ্ধাৰ কৰা হয় এডাল অজগৰ সাপ(Python rescued at Kaliabor) । মাধতাৰী গাঁৱৰ অনিল বৰা নামৰ এজন লোকৰ বাসগৃহৰ গোঁহালিৰ কাষতে গৃহস্থই অজগৰ সাপডাল প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ বন বিভাগৰ লোকক খবৰ দিয়াত অজগৰ সাপডাল উদ্ধাৰ কৰা হয় (Wild Animal Rescued at Kaliabor)৷