৬ বছৰৰ পাছত ভুক্তভোগীয়ে পালে ন্যায়: নাবালিকাক যৌন নিৰ্যাতন চলোৱা RSS নেতা ৰঙাঘৰলৈ

author img

By

Published : Jun 24, 2022, 10:01 AM IST

sonari rss leader sent to jail on sexual assault charges

তাৰিখৰ পাছত তাৰিখ ৷ সুদীৰ্ঘ ছয় বছৰৰ পাছত নিৰ্যাতিতাই পালে ন্যায় (Six years later victim got justice) । সোণাৰিত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত পাচঁ বছৰ সশ্ৰম কাৰাদণ্ড আৰ এছ এছ তথা বিজেপি নেতা দিগন্ত শইকীয়াক(Teacher jailed for sexually assaulting sonari student) ।

সোণাৰি,২৪ জুন: এগৰাকী কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই শিক্ষক সমাজক লজ্জানত কৰিছিল সোণাৰিৰ বগৰীগুৰিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক দিগন্ত শইকীয়াই(Sexual assault of sonarit student) । ২০১৬ চনত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনা(Sexual assault of a student took place in Sonari in 2016) । ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চলিছিল তদন্ত । আৰু অৱশেষত ন্যায় লাভ কৰিলে নিৰ্যাতিতা কণমানিগৰাকীয়ে(Six years later victim got justice) ।

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কণমাণি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত দিগন্ত শইকীয়াক বিদ্যালয়ৰ পৰা অব্যাহতি প্ৰদান কৰিছিল । শিক্ষক তথা RSS আৰু BJP নেতা দিগন্ত শইকীয়াৰ বিৰুদ্ধে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলিছিল বিচাৰ । অৱশেষত ছয় বছৰ ধৰি বিচাৰাধীন গোচৰৰ চুড়ান্ত ৰায়দান দিয়ে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে(Teacher jailed for sexually assaulting sonari student) ।

বৃহস্পতিবাৰে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 188/2016 নং গোচৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ 354(a)IPC/r/w/10 pocso Special 49/16 ধাৰাৰ অধীনত পাচঁ বছৰ সশ্ৰম কাৰাণ্ডৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে অভিযুক্ত দিগন্ত শইকীয়াক । এই শুনানিৰ পাছতেই আদালতক ধন্যবাদ জ্ঞাপন কৰে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে । পৰৱৰ্তী সময়তো যাতে আদালতে এনেবোৰ অপৰাধীৰ ক্ষেত্ৰত এনেধৰনেই ন্যায় প্ৰদান কৰে তাৰেই আহ্বান জনাই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: গুৱাহাটীৰ পৰা সন্ধানহীন কঠীয়াতলীৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.