গুৱাহাটীৰ পৰা সন্ধানহীন কঠীয়াতলীৰ যুৱক

author img

By

Published : Jun 24, 2022, 9:25 AM IST

Youth missing In Guwahati

গুৱাহাটীৰ পৰা সন্ধানহীন নগাঁৱৰ কঠীয়াতলীৰ দীপাংকৰ বসুমতাৰী নামৰ এজন যুৱক (Youth missing in Guwahati) ৷ যোৱা 16 জুনৰ পৰা কোনো শুংসূত্ৰ নাই দীপাংকৰৰ (Deepankar basumatary missing) ৷

কঠিয়াতলী, 24 জুন : মহানগৰীত অঘটন ৷ গুৱাহাটীৰ পৰা সন্ধানহীন নগাঁৱৰ কঠীয়াতলীৰ দীপাংকৰ বসুমতাৰী নামৰ এজন যুৱক (Youth missing in Guwahati) ৷ যোৱা 16 জুনৰ পৰা কোনো শুংসূত্ৰ নাই দীপাংকৰৰ (Deepankar basumatary missing) ৷

এমাহৰ পূৰ্বে কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিছিল দীপাংকৰ ৷ গুৱাহাটীৰ এটা কোম্পানীত সুৰক্ষা কৰ্মী হিচাপে যোগদান কৰাৰ কথা ফোনযোগে ঘৰত জনাইছিল দীপাংকৰে ৷ কিন্তু তেওঁ কৰ্মৰত কোম্পানীটোৰ নাম আৰু তেওঁৰ ঠিকনা জনোৱা নাছিল দীপাংকৰে ৷

নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল
নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল

যোৱা 16 জুনত দীপাংকৰৰ পত্নীয়ে নিশা দীপাংকৰক ফোন কৰিছিল যদিও ৰিচিভ কৰা নাছিল ৷ 17 তাৰিখে পুনৰ ঘৰৰ লোকে যোগোযোগ কৰিব বিচৰাত ফোন চুইছ অফ আছিল ৷ ঘৰৰ লোকে চিন্তিত হৈ গুৱাহাটীলৈ সপৰিয়ালে আহি দীপাংকৰ বিচাৰ খোচাৰ কৰে যদিও সন্ধান উলিয়াব নোৱাৰিলে ৷

অৱশেষত যোৱা 21 জুন তাৰিখে কঠীয়াতলী আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ৷ এতিয়া দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে পত্নীয়ে ৩ বছৰীয়া কণমানি পুত্ৰক লৈ শোকত ভাঙি পৰিছে ৷ শীঘ্ৰেই তেওঁৰ স্বামীৰ সম্ভেদ পালে বা তেওঁৰ কৰবাত দেখিলে পৰিয়ালৰ লোকক জনাবলৈ আহ্বান কৰিছে ৷ সংবাদ মাধ্যমৰ জৰিয়তে ৮৮১২০৪৩২৭৮ অথবা ৬০০৩৫৩৪৩০৪ নম্বৰত যোগাযোগ কৰিবলৈ সকলো ৰাইজলৈ আবেদন জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে পঢ়ক: শিৱসাগৰ নগৰৰ পৰা সন্ধানহীন দুই শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.