ETV Bharat / state

বিধায়ক শ্বেৰমান আলীৰ দিছপুৰৰ চৰকাৰী আৱাসত চুৰিকাণ্ড - THEFT AT MLA RESIDENCE

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:44 PM IST

THEFT INCIDENT AT MLA RESIDENCE : দিছপুৰৰ বিধায়ক আৱাসত এইবাৰ সংঘটিত হৈছে চুৰিকাণ্ড ৷ চুৰিৰ এই ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ দিছপুৰৰ আৱাসত ৷

THEFT INCIDENT AT MLA RESIDENCE
দিছপুৰৰ চৰকাৰী আৱাসত চুৰিকাণ্ড (ETV BHARAT ASSAM)

গুৱাহাটী, 5 মে' : ৰাজ্যৰ আটাইতকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা স্থানটোৱেই হৈছে দিছপুৰ ৷ অৰ্থাৎ মন্ত্ৰী-বিধায়কৰ চৰকাৰী আৱাস থকা চৌহদটো ৷ দিছপুৰৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ চৰকাৰী আৱাসতেই যদি জনপ্ৰতিনিধি সকল সুৰক্ষিত নহয় তেন্তে সাধাৰণ জনতাৰ সুৰক্ষা কেনেকৈ হ'ব ৷

সকলো সময়তে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা দিছপুৰৰ বিধায়ক আৱাসত এইবাৰ সংঘটিত হৈছে চুৰিকাণ্ড ৷ তাতে আকৌ এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিধায়কৰ নিৰাপত্তাৰক্ষীৰ কোঠাত ৷ বিধায়কক নিৰাপত্তা দিয়াৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীয়েই সুৰক্ষিত নহয় ৷ চুৰিৰ এই ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ দিছপুৰৰ আৱাসত ৷ হাই ছিকিউৰিটীৰ দিছপুৰৰ বিধায়ক আৱাসত থকা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বাসগৃহৰ পি এছ অ'ৰ কোঠাত সংঘটিত হয় এই চুৰিৰ ঘটনা ৷

জানিব পৰা মতে চোৰে পি এছ অ' জনৰ মেগজিনসহ 20 জাঁই সক্ৰিয় গুলী লৈ যায় ৷ আনকি চোৰে নিৰাপত্তাৰক্ষীৰ পোছাকো লৈ যায় বুলি জানিব পৰা গৈছে ৷ তদুপৰি চোৰে লৈ যায় নিৰাপত্তাৰক্ষীৰ নগদ ধন আৰু ক্ৰেডিট কার্ড ৷ উল্লেখ্য যে শনিবাৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ নিৰ্বাচনী প্ৰচাৰৰ বাবে ধুবুৰীলৈ গৈছিল ৷ সেই সময়তে এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয় ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাই দিছপুৰত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতিও প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক দ্য লিকাৰ মেন অৱ ইণ্ডিয়া আখ্যা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.