ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাক দ্য লিকাৰ মেন অৱ ইণ্ডিয়া আখ্যা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Dr Ajoy Kumar: গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ তথা ওড়িশা, তামিলনাডু আৰু পুডুছেৰীৰ দায়িত্বত থকা ড৹ অজয় কুমাৰৰ সংবাদমেল । মোদীৰ ওচৰত যিমান বস্তু আছে তাতকৈ কম মাৰণাস্ত্ৰ আছে পাকিস্তানৰ ওচৰত । হিমন্ত বিশ্ব শৰ্মাক 'দ্য লিকাৰ মেন অব ইণ্ডিয়া' আখ্যা ।

Dr Ajoy Kumar in Guwahati
গুৱাহাটীত কংগ্ৰেছ নেতা ড৹ অজয় কুমাৰৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 5, 2024 at 4:48 PM IST

Updated : May 5, 2024 at 5:52 PM IST

4 Min Read
গুৱাহাটীত কংগ্ৰেছ নেতা ড৹ অজয় কুমাৰৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ৫ মে’ : ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত কেৱল মিছা কথা থাকে আৰু জনতাই সেইবোৰৰ হিচাপ কৰে। প্ৰধানমন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পাছতে জনতাই হিচাপ কৰে কেইটা মিছা কথা ক'লে ।’’ - এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ তথা উৰিষ্যা, তামিলনাডু আৰু পণ্ডিচেৰীৰ দায়িত্বত থকা ডঃ অজয় কুমাৰৰ।

দেওবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এখন সংবাদমেল সম্বোধন কৰি ডঃ কুমাৰে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে উৰিষ্যাৰ দৰে এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ পৰা অসমৰ দৰে এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্যলৈ আহিছো। সংবাদমেলত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰসংগত তেওঁ কয় - ‘‘কংগ্ৰেছে ১৬ কোটি পৰিয়ালক লাখপতি কৰিব ।

আনহাতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মহিলাক প্ৰতি মাহে ৮৮৩০ টকা দিয়া হ'ব। এফালে মোদীয়ে কেৱল মিছা কথা কয় আৰু আনফালে ৰাহুল গান্ধীয়ে সকলোকে এক লাখ টকা দিয়াৰ কথা কৈছে।' তেওঁ কয় যে মোদীৰ ৰাজত্বত শিক্ষিত সকলে চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। কিন্তু কংগ্ৰেছৰ চৰকাৰ আহিলে শিক্ষিত সকলে যাতে চাকৰিৰ বাবে হাহাকাৰ কৰিব নালাগে তাৰ বাবে ব্যৱস্থা কৰা হৈছে। এক লাখকৈ টকা ইয়াৰ বাবে দিয়া হ'ব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ বেংক একাউণ্টত ১ লাখ টকা দিয়া হ'ব।

পুঁজিৰ প্ৰসংগত তেওঁ কয় যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে এইক্ষেত্রত কাম কৰি দেখুৱাইছে। অৰ্থনৈতিক সংস্কাৰৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰা এই আঁচনি পাঁচ বছৰ চলিলে কোনো লোক দৰিদ্ৰ নাথাকিব বুলি তেওঁ কয়। মোদীক সমালোচনা কৰি তেওঁ কয় যে এইখন চৰকাৰে মানুহৰ পোহনীয়া জন্তুৰ ওপৰত চকু দিছে। বিজেপি চৰকাৰে মঙ্গলসূত্রৰ কথা কয়। কংগ্ৰেছ চৰকাৰে নিজৰ কাৰ্যকালত দেশ গঢ়াৰ কাম কৰিলে বুলি সদৰি কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত চাকৰিয়ালে লাভ কৰা দৰমহা বিজেপিৰ দিনত বৃদ্ধি নহ'ল।

মূল্যবৃদ্ধিৰ এই পৰিস্থিতিৰ মাজতো কম দৰমহাতে কাম কৰিবলগীয়া হৈছে। খৰচ বহু বাঢ়ি গ'ল যদিও দৰমহা একেই থাকি গ'ল। দেশৰ প্ৰকৃত অৱস্থা তথা ইচ্ছ্যুৰ ওপৰত কথা ক'লে বিজেপিয়ে ধৰ্মৰ কথা কয়। তেওঁ কয় যে প্ৰধানমন্ত্রীয়ে যিদৰে কথা কয় সেইদৰে গেংষ্টাৰেও কথা নকয়। প্ৰধানমন্ত্রীৰ মুখত কেৱল ঘৃণাৰ ৰাজনীতি।

তেওঁ লগতে কয় যে দেশৰ সুৰক্ষাৰ ক্ষেত্রত প্ৰধানমন্ত্রীয়ে কোনো কথা নকয়। চীনৰ পৰা ভাৰত সুৰক্ষিত নহয় যদিও এইক্ষেত্রত মোদী নিৰৱ। পাকিস্তানৰ প্ৰসংগত তেওঁ কয় যে মোদীৰ ওচৰত যিমান বস্ত্র আছে তাতকৈ কম মাৰনাস্ত্র আছে পাকিস্তানৰ ওচৰত। তেনেস্থলত পাকিস্তানৰ লগত কিহৰ মোকাবিলা । পাকিস্তান এনেই শেষ হৈ গৈছে। পাকিস্তানক লৈ মোদীয়ে বাহ বাহ লোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ কয় যে সকলো ক্ষেত্রতে মোদী চৰকাৰ ব্যৰ্থ হৈছে।

আনহাতে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ আহিব বিচাৰিলে ল'ব নে নাই বুলি উত্থাপন হোৱা প্ৰশ্নৰ প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা দল বাগৰাত পাকৈত। চৰকাৰ সলনি হ'লে মোদীক হিমন্ত বিশ্ব শৰ্মাই অনায়াসে ত্যাগ কৰিব। কিন্তু কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও গ্ৰহণ নকৰে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত নিবনুৱাৰ হাৰ ৭ গুণলৈ বৃদ্ধি পালে।

চাকৰি দিব নোৱাৰা চৰকাৰখনে অলিয়ে-গলিয়ে সুৰাৰ দোকান খুলি দিছে। সমাজখনক ধ্বংস কৰাৰ কাম কৰিছে এইখন চৰকাৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক 'দ্য লিকাৰ মেন অৱ ইণ্ডিয়া' আখ্যা দিয়ে। তেওঁ লগতে কয় যে গাই মাতাৰ কথা কোৱা বিজেপি চৰাকৰে গো-মাংসৰ যোগান ধৰা কোম্পানীৰ পৰা নিৰ্বাচনী ব'ণ্ডৰ নামত ৬০০ কোটি টকাৰ চান্দা ল'লে।

বিজেপিয়ে সকলো সময়তে দেশবাসীক ঠগ-প্ৰৱঞ্চনা কৰি আহিছে। আনহাতে বিৰোধীৰ ওপৰত গোচৰ দিয়াৰ ঘটনা দেশৰ ভিতৰতে অসমত বেছি বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে বিজেপিয়ে এছ টি, এছ চি আৰু অ'বিচিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা উঠাই দিব বিচাৰিছে। বিজেপিয়ে সংবিধান সলনি কৰিব বিচাৰিছে বুলি তেওঁ কয়।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ উপৰি কেইবাজনো নেতা উপস্থিত আছিল।

লগতে পঢ়ক: কংগ্ৰেছৰ দিনতে আটাইতকৈ বেছি জে’ললৈ গৈছিলো- কিয় ক’লে অখিল গগৈয়ে

Last Updated : May 5, 2024 at 5:52 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.