শিৱসাগৰত অঘটন: দিখৌত জাপ মহিলাৰ

By

Published : Jun 24, 2022, 8:49 AM IST

Updated : Jun 24, 2022, 11:13 AM IST

thumbnail

শিৱসাগৰ নগৰত সন্ধানহীন হোৱা ঘটনাই ৰহস্যই লাভ কৰিছে এক নতুন মোৰ(One Woman missing from Sivasagar) । বৃহস্পতিবাৰে মাজনিশা আমগুৰিঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জাঁপ মৰাৰ পিচৰে পৰা সন্ধানহীন হোৱা মহিলাগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুচাইড নোট ৷ উল্লেখ্য যে, নদীত জাঁপ মৰাৰ সময়তে মহিলাগৰাকীয়ে তেওঁৰ স্কুৰ্টীখন ষ্ট্ৰাট হৈ থকা অৱস্থাতে এৰি থৈ যায় ৷ ইয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী, SDRF বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ মহিলাগৰাকী কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত শিখা শইকীয়া বুলি জানিব পৰা গৈছে ৷ ইফালে, মহিলাগৰাকী এটি সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে ৷ লগতে যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ আখৈফুটীয়া জয়ৰাপাৰত৷ পাৰিৱাৰিক সংঘাতৰ বাবেই যুৱতীগৰাকীয়ে এনে পন্থা গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান SDRF বাহিনীয়ে উক্ত ঘটনাস্থলীত মহিলাগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে ৷

Last Updated : Jun 24, 2022, 11:13 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.