MAHA political game: ৰেডিশ্বন ব্লুত ভিৰ বাঢ়িছে মহা-বিদ্ৰোহী বিধায়কৰ

author img

By

Published : Jun 23, 2022, 10:41 PM IST

three-more-maha-rebel-mlas-reached-guwahati

বৃহস্পতিবাৰে নিশা 9.45 বজাত আকৌ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছে ৰেডিশ্বন ব্লু (Three more rebel MLAs reached guwahati)। ইয়াৰে দুজন শিৱসেনাৰ আৰু এজন নিৰ্দলীয় । দাদা ভুছে আৰু সঞ্জয় ৰাথোৰ শিৱসেনাৰ আৰু গীতা জৈন নিৰ্দলীয় বিধায়ক ।

গুৱাহাটী, 23 জুন: গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ সোঁত বৈছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ (MAHA rebel MLAs in Guwahati)। বৃহস্পতিবাৰে নিশা 9.45 বজাত আকৌ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছে ৰেডিশ্বন ব্লু । ইয়াৰে দুজন শিৱসেনাৰ আৰু এজন নিৰ্দলীয় (Three more rebel MLAs reached guwahati)। দাদা ভুছে আৰু সঞ্জয় ৰাথোৰ শিৱসেনাৰ আৰু গীতা জৈন নিৰ্দলীয় বিধায়ক । এতিয়া ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 46 জন । ইয়াৰ ভিতৰত শিৱসেনাৰ 37 জন আৰু 9 জন নিৰ্দলীয় (MAHA political updates)।

উল্লেখ্য যে, বুধবাৰৰ পুৱাৰ পৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ সোঁত এতিয়ালৈকে গুৱহাটীৰ ৰেডিশ্বন ব্লুলৈ বৈ আছে । শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মতামত নিদিলে ।

শেহতীয়াভাৱে একনাথ সিন্দেয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় দলৰ লগত থাকি চৰকাৰ গঠন কৰা মন্তব্য দিছে । বিজ্ঞপ্তিৰ জৰিয়তে একনাথ সিন্দেয়ে যে বিজেপিৰ লগত চৰকাৰ গঠন কৰাৰ ইংগিত দিছে সেয়া স্পষ্ট হৈ পৰিছে । শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে বিদ্ৰোহী বিধায়কক গুৱাহাটীৰ পৰা মুম্বাইলৈ উভটি অহাৰ অনুৰোধ জনাই দলৰ মজিয়াত নতুন চিন্তাৰে আলোচনাত বহিবলৈ আহ্বান জনাইছে । কিন্তু সিন্দেই এই অনুৰোধ অগ্ৰাজ্য কৰি এই পৰ্যন্ত নিজৰ স্থিতিত অটল আছে (Maharashtra politics news)। মুঠতে কাইলৈৰ ভিতৰত এই মহা ৰাজনৈতিক সংঘাতৰ ভৱিষ্যৎ সুনিশ্চিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : প্ৰচণ্ড মনস্তাত্বিক যুঁজত মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ৰাজনীতি : শেষ হাঁহি কোনে মাৰিব সেয়া আজিও অনিশ্চিত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.