অসম

assam

Special TET passed candidates protest: নিযুক্তি নিদিলে সমূহীয়া আত্মজাহৰ হুংকাৰ ৬৬৭ গৰাকী বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ

By

Published : Mar 22, 2023, 7:55 AM IST

Updated : Mar 22, 2023, 8:34 AM IST

চৰকাৰৰ প্ৰৱঞ্চনা: লুইতৰ বুকুত আত্মজাহ দিব ৬৬৭ গৰাকী বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীয়ে (Special TET passed candidates protest) ৷ সবিশেষ আগলৈ-

Special TET 2021
বিশেষ টেট উত্তীৰ্ণৰ প্ৰতিবাদ

বিশেষ টেট উত্তীৰ্ণৰ প্ৰতিবাদ

গুৱাহাটী, ২২ মাৰ্চ : ২০২১ চনৰ বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে লৈছে সমূহীয়া আত্মজাহৰ সিদ্ধান্ত ! হয় আপুনি ঠিকেই পঢ়িছে ৷ চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈ এই চৰম সিদ্ধান্তত উপনীত হৈছে এইসকল ভুক্তভোগী প্ৰাৰ্থী ৷

আগন্তুক ১ এপ্ৰিলৰ ভিতৰত ২০২১ চনৰ বিশেষ টেট উৰ্ত্তীণ ৬৬৭ গৰাকী শিক্ষকক যদি চৰকাৰে বিশেষভাৱে নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে লুইতৰ বুকুত আত্মজাহ যোৱাৰ দৰে চৰম কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব এইসকল শিক্ষক (Special TET passed candidates demand employment) । চৰকাৰলৈ এই চৰম সকিয়নী প্ৰতিবাদী বিশেষ টেট উৰ্ত্তীণ শিক্ষকসকলৰ ।

প্ৰতিবাদকাৰী বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলে নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি আজি চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম বিশেষ টেট উৰ্ত্তীণ সন্থাৰ উদ্যোগত চচলত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী শিক্ষকসকলে বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলক চৰকাৰে কৰা প্ৰতাৰণা বন্ধ কৰক, চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰক, বিশেষ টেট উত্তীৰ্ণসকলক বিশেষ বিজ্ঞাপনৰ জৰিয়তে নিযুক্তি দিয়ক, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্ল’গানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি গণেশ বৈষ্ণৱ আৰু সাধাৰণ সম্পাদক কমল পাঠকে কয় যে, অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিত অতি কম মাননিত কাম কৰা ১৪,৫৭৫ গৰাকী ইউনিক আই ডি প্ৰাপ্ত প্ৰাৰ্থীৰ বাবে ২০২১ চনৰ ৩ অক্টোবৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল (Special TET 2021) । পৰৱৰ্তী সময়ত অৰ্থাৎ উক্ত বৰ্ষৰে ৩ নৱেম্বৰত ফলাফল ঘোষণা কৰা হয়, য'ত ১৪৫৭৫ জনৰ ভিতৰত কেৱল ৬৬৭ গৰাকী প্ৰাৰ্থীয়েহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।

পিছৰ পৰ্যায়ত এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ টেট অনুষ্ঠিত কৰি পিছদিনাই নিযুক্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি দুটা বছৰে প্ৰতিশ্ৰুতি পালন নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীসকলে । প্ৰতিবাদকাৰীৰ চৰকাৰলৈ প্ৰশ্ন- বিহাৰ, ত্ৰিপুৰাৰ দৰে ৰাজ্যত যদি সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত কৰ্মীসকলক নিযুক্তি দিব পাৰে তেন্তে আমাক কিয় নিযুক্তি দিব নোৱাৰে ?

ইফালে চৰকাৰে চলিত বৰ্ষৰ ভিতৰত এক লাখ নিযুক্তিৰ মাজতে ৬৬৭ গৰাকী টেট উৰ্ত্তীণ শিক্ষকক নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে আত্মজাহৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিছে প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলে (TET passed candidates demand special employment) । লগতে প্ৰতিবাদী শিক্ষকসকলে পূৰ্বতে শিক্ষামিত্ৰসকলক বিশেষ বিজ্ঞাপনৰ জৰিয়তে নিযুক্তি দিয়াৰ দৰে আমাৰ বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলক বিশেষ বিজ্ঞাপনৰ জৰিয়তে নিযুক্তি দিয়া, বিশেষ টেট (২০২১) উত্তীৰ্ণ প্ৰাৰ্থীসকলক কৰ্মৰ মূল্য হিচাপে SSA ৰ অধীনত নাইবা STATEPOOL হিচাপে নিযুক্তি দিয়া, চৰকাৰে নিযুক্তি দিম বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা, বৰ্তমান DEE ৰ বিজ্ঞাপনৰ 2নং পইণ্টৰ জৰিয়তে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় ।

লগতে পঢ়ক :Discrepancy in HSLC Admit Card : 2023 ৰ মেট্ৰিকৰ এডমিট কাৰ্ডত 2022 চনৰ ছীল মোহৰ !

Last Updated :Mar 22, 2023, 8:34 AM IST

ABOUT THE AUTHOR

...view details