ETV Bharat / state

Discrepancy in HSLC Admit Card : 2023 ৰ মেট্ৰিকৰ এডমিট কাৰ্ডত 2022 চনৰ ছীল মোহৰ !

author img

By

Published : Mar 21, 2023, 9:23 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিতৰ্ক । প্ৰশ্নকাকত ফাদিলৰ পিচত এইবাৰ চিৰাঙৰ বাসুগাঁৱত এডমিট কাৰ্ডত চৰম বিসংগতি (discrepancy in admit card at Basugaon Chirang) । হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩ বৰ্ষৰ, কিন্তু স্বাক্ষৰত ছীল-মোহৰ ২০২২ বৰ্ষৰ ।

Chirang Backdated stamp on HSLC Admit
Discrepancy in HSLC Admit Card

চিৰাঙত মেট্ৰিকৰ এডমিট কাৰ্ডত বিসংগতি

চিৰাং, ২১ মাৰ্চ : এতিয়া বিতৰ্ক মানেই যেন অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023 controversy) ! মঙলবাৰে তেনে এক বিতৰ্কৰ পুনৰ সূচনা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত । পিচে এইবাৰ বিতৰ্কৰ বিষয় প্ৰশ্নকাকত ফাদিল নহয় (HSLC paper leakage), এইবাৰ এডমিট কাৰ্ডত বিসংগতি (discrepancy in admit card at Basugaon Chirang) । চিৰাং জিলাৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধিকাংশ পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত চৰম বিসংগতি সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে ।

পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৩ উল্লেখ কৰা আছে (SEBA HSLC exam 2023) । অথচ এডমিট কাৰ্ডৰ তলৰ অংশত পৰীক্ষা কেন্দ্ৰৰ পৰিচালকৰ ছীল-মোহৰ ২০২২ মাৰি দি স্বাক্ষৰ কৰা হৈছে । যিটো দেখদেখকৈ এটা বিসংগতিপূৰ্ণ বিষয় । যাৰ বাবে এতিয়া বিতৰ্কৰ সূচনা কৰিছে । লক্ষ্যনীয় বিষয় যে, পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ২০২৩ চনৰ সলনি ২০২২-ৰ ছীল-মোহৰ আৰু স্বাক্ষৰ থকা বিসংগতিপূৰ্ণ এডমিট কাৰ্ডেৰেই পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হয় । বিষয়টো ইমান দিনে কাৰো দৃষ্টিগোচৰ হোৱা নাছিল ।

সোমবাৰে নিশাৰ ভাগত বিষয়টো একাংশ পৰীক্ষাৰ্থীৰ অবিভাৱকৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকে ছাত্ৰ সংগঠনক অৱগত কৰে (Admit card discrepancy at Basugaon HS School) । সেই মৰ্মে একাংশ অভিভাৱক আৰু ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি উপস্থিত হয় আৰু পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়ববীয়াসকলৰ পৰা বিষয়টো সন্দৰ্ভত জানিব বিচাৰে ।

এই সন্দৰ্ভত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা পৰীক্ষা কেন্দ্ৰৰ পৰিচালিকা কল্পনা নাথে নিজৰ ভুল স্বীকাৰ কৰে । কিন্তু ইমান ডাঙৰ ভুলটো কিদৰে হ'বলৈ পালে তাকে লৈ উদ্বেগ প্ৰকাশ কৰে আৰু আগলৈ ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ কথা চিন্তা কৰি পৰীক্ষা শেষ হোৱাৰ পিচত ছেবা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি কেনেকৈ বিষয়টো সমাধান কৰিব পৰা যায় তাৰ চেষ্টা কৰাৰ আশ্বাস প্ৰদান কৰে ।

সদৌ বিটিআৰ বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতা শুভ মজুমদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এয়া অতি দুৰ্ভাগ্যজনক কথা । এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত এটাৰ পিচত আন এটা প্ৰশ্নকাকত ফাদিল হোৱাৰ বিতৰ্ক চলি থকাৰ মাজতেই বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে । বিষয়টো তেওঁলোকে দৃষ্টিগোচৰ কৰোৱাত পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰি বুলি তেওঁ কয় । কিন্তু তাৰ আগলৈকে তেওঁলোকে সমগ্ৰ বিষয়টোক গাপ দি ৰখা বুলিও অভিযোগ কৰে ।

ভুল স্বীকাৰ কৰিলেই সকলো ঠিক হৈ নাযায়, এই ভুলৰ বাবে অদূৰ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে এডমিট কাৰ্ডক লৈ সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, এডমিট কাৰ্ডৰ বিসংগতিৰ বিষয়টো অভিভাৱক তথা ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই সহজভাৱে মানি ল'ব পৰা নাই । তেওঁলোকে এই বিসংগতি অতি সোনকালে আঁতৰাই ছাত্ৰ-ছাত্ৰী সকলকসকাহ দিবলৈ আহ্বান জনায় ।

ইফালে এবছুৱে কয় যে, প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টোক লৈ বিতৰ্ক চলি থকাৰ সময়তে পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে । মুঠৰ ওপৰত সকলো ক্ষেত্ৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে । এডমিট কাৰ্ডৰ বিসংগতিৰ সমগ্ৰ বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই ।

লগতে পঢ়ক : HSLC Paper leak case: লখিমপুৰত ২ শিক্ষকসহ ৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.