অসম

assam

Rising Sun Water Fest 2023: দীপৰ বিলত অনুষ্ঠিতব্য় ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট উদ্বোধন

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:25 PM IST

ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট ২০২৩ উদ্ধোধন । নাৰেঙ্গী সেনা শিবিৰত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই উদ্ধোধন কৰিলে জলক্ৰীড়া উৎসৱৰ ।

Power Minister Nandita Garlosa
শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা

শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা

গুৱাহাটী, ৭ নৱেম্বৰ :গুৱাহাটীৰ দীপৰ বিলত অহা ১৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট ২০২৩ । ২০ নৱেম্বৰলৈ চলিবলগীয়া এই অনুষ্ঠানটোৰ মঙলবাৰে নাৰেঙ্গী সেনা শিবিৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিভাৱে উদ্বোধন কৰা হয় । শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট ২০২৩ শীৰ্ষক অনুষ্ঠানটোৰ পতাকা জোকাৰি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । ইয়াৰ পূৰ্বে সাতগাঁও সেনা চাউনীৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত ভাৰতীয় সেনাৰ ৫১ ছাব এৰিয়াৰ নাৰেঙ্গী সেনা শিবিৰত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

শুভ উদ্বোধন কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট ২০২৩ শীৰ্ষক আনুষ্ঠাটোৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে, অহা ১৭ নৱেম্বৰৰ পৰা ২০ নবেম্বৰলৈকে গুৱাহাটীৰ দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট ২০২৩ শীৰ্ষক আনুষ্ঠাটি অনুষ্ঠিত কৰা হ'ব । উক্ত অনুষ্ঠানত ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়া বিশাল সিঙকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Cops loot gold from Railway passenger : খাকী পোচাকত লাগিল দাগ; ৰে’লযাত্ৰীৰ পৰা সোণ কাঢ়ি অন্তৰ্ধান আজমল আৰু দুই সহযোগী

উল্লেখ্য় যে এই উৎসৱৰ প্ৰসাৰে সমগ্ৰ অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে । অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চলত জলক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এনে উৎসৱে এক নতুন আৰম্ভণিৰ সূচনা কৰিব বুলি উদ্য়োক্তাসকলে মন্তব্য কৰিছে । ৰাইজিং ছান ৱাটাৰ ফেষ্ট দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Miss Northeast 2023: জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ ৰ মুকুট

ABOUT THE AUTHOR

...view details