Miss Northeast 2023: জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ ৰ মুকুট

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:41 PM IST

thumbnail

চতিয়া, ৭ নৱেম্বৰ: সোমবাৰে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল স্পাৰ্ক মিছ নৰ্থ ইষ্ট-২০২৩ ৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত জামুগুৰিহাটৰ জীয়ৰী মৌ পালে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।  

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা এশৰো অধিক প্ৰতিযোগীয়ে মিছ নৰ্থ ইষ্ট-২০২৩ ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু এই সকলো প্ৰতিযোগীক পৰাস্ত কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে মৌ পালে ৷ মৌ পালৰ এই বিজয়ত এতিয়া স্বাভাৱিকতে আনন্দিত হৈ পৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে জামুগুৰিহাটবাসী ।

উল্লেখ্য যে, স্পাৰ্ক মিছ নৰ্থ ইষ্ট -২০২৩ খিতাপ অৰ্জন কৰা মৌ পাল জামুগুৰিৰ নিবাসী সুব্ৰত পাল আৰু জুমা পালৰ কন্যা ৷

লগতে পঢ়ক: Susmita suffering from cancer: দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুশিল্পী সুস্মিতা, বিচাৰিছে আপোনাৰ অকণমান সহায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.