অসম

assam

Assam Assembly Budget Session 2023 : বিধানসভাত ৰকিবুল-হিমন্তৰ খণ্ড যুদ্ধত বিশেষ চৰ্চা

By

Published : Mar 30, 2023, 7:13 AM IST

এইবাৰ বিধানসভাৰ মজিয়াত 'বাবা' বিতৰ্ক ! বিধানসভাত বিধায়ক ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰীয়ে 'বাবা' বুলি সম্বোধন কৰাক লৈ তীব্ৰ বিতৰ্ক । বুধবাৰে বিধানসভাৰ মজিয়াত বিশেষকৈ দুই পুৰণি সতীৰ্থ ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাক-বিতণ্ডাই তুমুল চৰ্চা লাভ কৰে (Rakibul and Himanta debate at Assembly house) ।

Rakibul vs Himanta
Rakibul vs Himanta

গুৱাহাটী, ৩০ মাৰ্চ :বুধবাৰে অনুষ্ঠিত বিধানসভাৰ অধিবেশনত এসময়ৰ সতীৰ্থ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত সৃষ্টি হোৱা খণ্ড যুদ্ধই ব্যাপক চৰ্চা লাভ কৰিছে (Rakibul and Himanta debate at Assembly house) । উল্লেখ্য যে বিধানসভাৰ বুধবাৰৰ অধিবেশন প্ৰশ্নোত্তৰকালেৰে আৰম্ভ হয় (Assam Assembly budget session 2023) ।

প্ৰশ্নোত্তৰকালৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বিজৎ দৈমাৰীৰ (Assam Assembly speaker Biswajit Doimari) অনুমতি সাপেক্ষে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰি সংবিধান সকলোৰে বাবে সমান‌ আৰু সকলোৱে ‌সংবিধান মানি চলিব লাগে বুলি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সভা স্থগিত প্ৰস্তাৱৰ বাবে অনুৰোধ জনায় । লগতে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে কিছু প্ৰশ্ন সংযোগ কৰি উত্তৰ বিচাৰে ।

এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বিজৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীক ক'বলৈ অনুমতি দিয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ পিছতে বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ এষাৰ কথাক লৈ সদনৰ মজিয়া উত্তাল‌ কৰি তোলে (Rakibul Hussain reacts on CMs comments) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিবলৈ গৈ আৰম্ভণিতে কয়- " আপোনলোকে‌ কালিয়ে‌ বিধায়নী দলৰ সভাত সদনত হুলস্থূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি সাজু হৈ আহিছে । এই কথাৰ মই আগতে খবৰ পাইছোঁ ।"

মুখ্যমন্ত্ৰীৰ এই কথাৰ স্পষ্টীকৰণ বিচাৰি বিৰোধী বিধায়কসকল বিশেষকৈ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে । তেতিয়া মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনক উদ্দেশ্য কৰি কয়- "আৰে বাবা নাৰ্ভাছ হ'ব নালাগে ।" তাৰ পিছত আকৌ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি বিধায়িনী দলৰ সভাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে তাৰ উত্তৰ বিচাৰে । তেতিয়া মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনক উদ্দেশ্য কৰি কয়, "আপুনি‌ জনাইছে । গতিকে ইয়াৰ কোনো ব্যাখ্যালৈ মই নাযাওঁ ।" তাৰ পিছতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হাতত পোষ্টাৰ লৈ অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ‌ কৰে ।

মন কৰিবলগীয়া যে বিজেপিৰ বিধায়কসকলেও বিৰোধীৰ লগত তৰ্কত লিপ্ত হৈ সদনৰ পৰিৱেশ উত্তাল‌ কৰি তোলে । অখিল গগৈ আৰু কমলাক্ষক দে' পুৰাকায়স্থক ৫ এপ্ৰিললৈকে সদনৰ পৰা বহিষ্কৰৰ বাবে দাবী জনায় মুখ্যমন্ত্ৰীয়ে । তাৰ পিছত বিধানসভাৰ অধ্যক্ষই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক বুধবাৰৰ দিনটোৰ বাবে বহিষ্কাৰ কৰে ৷

লগতে ২০ মিনিটৰ বাবে সদন স্থগিত কৰে । পিছত পুনৰ আৰম্ভ হোৱা বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰীয়ে নিজৰ‌ ভুল‌ স্বীকাৰ কৰি কংগ্ৰেছৰ বিধায়নী দলৰ সভাক লৈ কৰা মন্তব্য উঠাই লয় । বুধবাৰৰ বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইৰ এই আচৰণে বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :Rahul Gandhi dismissed as MP : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details