ETV Bharat / state

Rahul Gandhi dismissed as MP : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Mar 29, 2023, 9:53 PM IST

Etv Bharat
Etv Bharat

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ আজি ৰঙিয়া আৰু নগাঁৱত কংগ্ৰেছ দলৰ সৈতে আন কেইবাটাও দল-সংগঠন লগ লাগি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Rahul Gandhi dismissed as MP) ৷

ৰঙিয়া আৰু নগাঁৱত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

ৰঙিয়া/নগাঁও, 29 মাৰ্চ : ৰাহুল গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আক্ৰোশমূলক পদক্ষেপৰ বিৰুদ্ধে ৰঙিয়াত কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ৰঙিয়া কংগ্ৰেছে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ কাৰ্যসূচীত সহযোগ কৰে আপ, চিপিআই এমকে ধৰি কেইবাটাও দলে (Rahul Gandhi dismissed as MP) ।

কংগ্ৰেছ দলৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি বিভাগৰ সহযোগত কামৰূপ গ্ৰাম্য কংগ্ৰেছৰ উদ্যোগত ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছ দলটোৱে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে আৰম্ভ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে গণতন্ত্ৰ ৰক্ষাৰ শ্লোগান দি বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰী শাসনক কঠোৰ ভাষাৰে সমালোচনা কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ ৰাহুল গান্ধীক সাংসদ পদ খাৰিজ কৰাৰ পূৰ্ণ বিৰোধিতা কৰি গণতন্ত্ৰ ৰক্ষাৰ ধ্বনি দিয়ে (Protest against Rahul Gandhi dismissed as MP) ।

Protest for Disqualification of Rahul Gandhi
ৰঙিয়া আৰু নগাঁৱত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

আনহাতে, কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । বুধবাৰেও নগাঁৱত কংগ্ৰেছে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ ভাতৃ সংগঠন অনুসূচীত জাতি, অনূসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু কোষৰ উদ্যোগত জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Kamrup rural congress protest ) ।

নগাঁও শ্বহীদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত কংগ্ৰেছৰ নেতা-কৰ্মী-সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । প্ৰতিবাদকাৰীসকলে ৰাজীৱ গান্ধী জিন্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়,বিজেপি চৰকাৰ হায় হায়, স্বৈৰাচাৰী শাসন বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক, কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । ৰাহুল গান্ধীৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা স্বৈৰাচাৰী মানসিকতাই দেশ তথা ৰাজ্যত বিৰোধী শক্তিক একত্ৰিত হোৱাত সহায়ক হ’ল বুলি কয় নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই (Protest in Rangia for Rahul Gandhi dismissed as MP) ।

লগতে পঢ়ক : weaving training workshop : লতাশিল খেলপথাৰত বৃহস্পতিবাৰৰ পৰা বয়ন প্ৰশিক্ষণ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.