ETV Bharat / state

weaving training workshop : লতাশিল খেলপথাৰত বৃহস্পতিবাৰৰ পৰা বয়ন প্ৰশিক্ষণ কৰ্মশালা

author img

By

Published : Mar 29, 2023, 8:52 PM IST

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটী জিলা মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তত্বাৱধানত লতাশিল খেলপথাৰত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া (Padmashri Hemaprava Chutia will inaugurated workshop) ৷

Four days weaving training workshop
বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

লতাশিল খেলপথাৰত বৃহস্পতিবাৰৰ পৰা বয়ন প্ৰশিক্ষণ কৰ্মশালা

গুৱাহাটী, ২৯ মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীত আয়োজন কৰা হৈছে বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ ৷ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত চাৰিদিনীয়া কাৰ্যসূচীৰে মহানগৰীত আৰম্ভ হ’ব কৰ্মশালাখনিৰ ৷ ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিললৈকে গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজন কৰা হৈছে এই বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ ৷ বুধবাৰে লতাশিল খেলপথাৰত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই (Four days weaving training workshop at Guwahati) ।

ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চা, অসমৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আৰু বস্ত্ৰ আৰু হস্ততাঁত মন্ত্ৰণালয়ৰ তত্বাৱধানত বয়ন প্ৰশিক্ষণ কৰ্মশালাখনিৰ আয়োজন হ’ব বুলি জানিবলৈ দিয়ে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে ৷ নৱপ্ৰজন্মক বয়ন শিল্পৰ সৈতে চিনাকি তথা একাত্ম কৰাৰ উদ্দেশ্যৰে মহিলা মৰ্চাই এই প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে । প্ৰথমবাৰৰ বাবে লতাশিলত অনুষ্ঠিত হ’ব এই বয়ন প্ৰশিক্ষণ কৰ্মশালা য'ত ২০ খন তাঁতশাল আৰু ২৫ গৰাকী শিপিনী থাকিব বুলি জানিবলৈ দিয়ে (Mahila BJP weaving training workshop at Guwahati) ।

এই প্ৰশিক্ষণত গামোচা কেনেকৈ বয় শিপিনীসকলে তাঁতশালত কেনেকৈ কাম কৰে সেই বিষয়ত আভাস দিব প্ৰশিক্ষণত উপস্থিত অভিজ্ঞ লোকসকলে । প্ৰশিক্ষণৰ সময়ছোৱাত ৪ দিনত ২০০ খন গামোচা তৈয়াৰ কৰি উলিওৱাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে । কাইলৈ অৰ্থাৎ ৩০ মাৰ্চৰ পুৱা ৮:৩০ বজাত এই কৰ্মশালাখনিৰ উদ্বোধন কৰিব পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই ৷ কৰ্মশালাখনিত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Padmashri Hemaprava Chutia will inaugurated workshop) ।

অসম চৰকাৰে আমাৰ অসমৰ শিপিনীসকলৰ আৰ্থিক উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে স্ব-নিৰ্ভৰ মহিলা আঁচনিৰ জৰিয়তে শিপিনীসকলে সকাহ পাবলৈ সক্ষম হৈছে বুলি সংবাদ মেলত উল্লেখ কৰে ৷ বুধবাৰে লতাশিল খেলপথাৰত আয়োজিত সংবাদমেলখনত ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই এই কৰ্মশালাত গুৱাহাটীৰ আশে-পাশে থকা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে (Swanirbhar Nari scheme in Assam) ।

লগতে পঢ়ক : Chirang UPPL 7th Annual Conference: এতিয়া বিপিএফৰ সূৰ্য ডুব গৈছে, ইউপিপিএলৰ উদয় হৈছে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.